ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসত আৱেগিক পদ্মশ্ৰী পখিলা লেকথেপি
ডিব্ৰুগড়, ০১ জুলাই (হি.স.)। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসত আৱেগিক পদ্মশ্ৰী পখিলা লেকথেপি। পাহাৰৰ কোলাৰ পৰা আহি বিশ্ববিদ্যালয়ৰ মঞ্চত শ্ৰদ্ধাৰ শিল্পীগৰাকীয়ে শ্বেয়াৰ কৰিলে জীৱন যাত্ৰাৰ আৱেগিক কাহিনী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৬২ সংখ্
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসত আৱেগিক পদ্মশ্ৰী পখিলা লেকথেপি


ডিব্ৰুগড়, ০১ জুলাই (হি.স.)। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসত আৱেগিক পদ্মশ্ৰী পখিলা লেকথেপি। পাহাৰৰ কোলাৰ পৰা আহি বিশ্ববিদ্যালয়ৰ মঞ্চত শ্ৰদ্ধাৰ শিল্পীগৰাকীয়ে শ্বেয়াৰ কৰিলে জীৱন যাত্ৰাৰ আৱেগিক কাহিনী।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মঞ্চত আজি এক আৱেগিক পৰিৱেশ। বিশেষ অতিথিৰ আসন শুৱনি কৰি উপস্থিত আছিল কাৰ্বি আংলঙৰ বৰনমীয়াল শিল্পী, পদ্মশ্ৰী পখিলা লেকথেপি। নিজৰ চিৰপৰিচিত বিনম্ৰতাৰে শিল্পীগৰাকীয়ে কয়— ‘মই পাহাৰৰ মাজত লুকাই থকা এপাহি ফুলৰ দৰেই।

এই পদ্মশ্ৰী বঁটা মোৰ নহয়, এইয়া ৰাইজৰ মৰমৰ ফচল’।

কোনো প্ৰতিষ্ঠানিক সংগীত শিক্ষা অবিহনেই আকাশবাণীৰ জৰিয়তে সংগীত চৰ্চা আৰম্ভ কৰা শিল্পীগৰাকীয়ে ১৯৭৪ চনৰ কাৰ্বি যুৱ মহোৎসৱৰ পৰা বৰ্তমানলৈ তেওঁৰ সংগ্ৰামপূৰ্ণ যাত্ৰাৰ কথা স্মৰণ কৰে। ইয়াৰ মাজতেই শিল্পীগৰাকীয়ে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক সুঁৱৰি ‘মায়া’ গীতৰ এটি কলি গাই প্ৰেক্ষাগৃহত এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে।

অনুষ্ঠানত উপাচাৰ্য ড০ জিতেন হাজৰিকা, পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল আৰু প্ৰাধ্যাপিকা নীৰঞ্জনা মহন্তৰ উপস্থিতিত তেওঁক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। নতুন প্ৰজন্মক উদ্দেশ্যি তেওঁৰ আহ্বান— উচ্চ শিক্ষা গ্ৰহণ কৰি সমাজৰ প্ৰতি দায়িত্বশীল হ’বলৈ। বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এজনী নিৰহংকাৰী শিল্পীৰ জীৱন দৰ্শনে সকলোকে আপ্লুত কৰিলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande