ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী জিলা দিৱস উদযাপন
ধুবুৰী, ০১ জুলাই (হি.স.)। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী জিলা দিৱস উদযাপন। উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ। ১৯৮৩ চনৰ ১ জুলাই তাৰিখে অৰ্থাৎ আজিৰ দিনতে ধুবুৰী জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল । আজি ধুবুৰী জিলা পুথিভঁ
ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী জিলা দিৱস উদযাপন


ধুবুৰী, ০১ জুলাই (হি.স.)। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী জিলা দিৱস উদযাপন।

উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ।

১৯৮৩ চনৰ ১ জুলাই তাৰিখে অৰ্থাৎ আজিৰ দিনতে ধুবুৰী জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল ।

আজি ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ধুবুৰী জিলা দিৱস।

মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে কয় যে আমাৰ মানসিকতা পিছপৰা হব নালাগে। গৌৰৱেৰে আমি ধুবুৰীবাসী হিচাপে বসবাস কৰিব লাগে বুলিও মন্তব্য কৰা পৰিলক্ষিত হৈছে।

মন্ত্ৰীগৰাকীক সংগ দিয়ে ধুবুৰী জিলাৰ নৱনিযুক্ত আয়ুক্ত দিবাকৰ নাথ, ধুবুৰীৰ পৌৰপতি ড০ দেবময় সান্যাল।

১৮৭৬ চনত ব্ৰিটিছৰ শাসনকালত গোৱালপাৰা জিলা গঠন হৈছিল আৰু ১৮৭৯ চনত জিলাখনৰ সদৰ গোৱালপাৰাৰ পৰা ধুবুৰীলৈ স্থানান্তৰ কৰা হয়। পৰৱৰ্তী সময়ত ১৯৮৩ চনত ধুবুৰী পৃথক জিলা হিচাপে স্বীকৃতি পাইছিল।

ধুবুৰী জিলা দিৱস উপলক্ষে আজি পুথিভঁৰাল প্ৰেক্ষাগৃহত চিত্ৰাঙ্কন প্ৰতিযোগিতা, কুইজ, আৰু স্থানীয় কলা-সংস্কৃতিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande