
চিৰাং, ০১ জুলাই (হি.স.)। ৰাজ্যৰ প্ৰাথমিক শিক্ষক সকলক প্ৰদান কৰা ডি.এ ৰ এৰিয়াৰ ধন চৰকাৰে দিবনে নিদিয়ে সেই বিষয়ে চৰকাৰে মৌনতা ভংগ কৰিব লাগে।
তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে ৰাজ্যখনৰ স্নাতক শিক্ষক সকলৰ দি কাঢ়ি লৈ যোৱা ৮,৭০০ টকা গ্ৰেড পে প্ৰসংগ অহা আগষ্ট মাহৰ ভিতৰত সমাপন কৰি শিক্ষক সকলৰ প্ৰাপ্য ঘুৰাই দিবলৈ দাবী জনায়।
অন্যথা অহা ছেপ্টেম্বৰ মাহত সকলো শিক্ষক সংগঠক লৈ একেলগে ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম।
ৰাজ্যখনৰ ৰাজহুৱা শিক্ষা খণ্ডৰ সংকট দুৰ কৰাৰ বাবে শিক্ষক সকলে যাতে বেছিভাগ সময় শ্ৰেণীকোঠাত থাকিব পাৰে তাৰ বাবে পাঠ্যক্ৰম বহিৰ্ভূত কামৰ পৰা শিক্ষক সকলক ৰেহাই দিয়াৰ দাবী জনায়।
চিৰাং জিলাৰ বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৭ম দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে।
বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ভৱেন চন্দ্ৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত থুৰিবাৰী সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমান, সদৌ অসম বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সম্পাদক থানেশ্বৰ বসুমতাৰী, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৰ্ব্ব ভাৰতীয় সদস্য মোহন হালৈ আৰু বিবেকানন্দ সৰকাৰ সহ অন্যান্য অতিথিবৃন্দ উপস্থিত থাকে।
এই সভাতে বিগত ২০২৪ চনৰ পৰা ২০২৬ চনৰ জুন মাহলৈকে বিজনী মহকুমা অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।
ইফালে অধিৱেশনৰ কাৰ্যসূচী অনুসৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পতাকা উত্তোলন কৰে বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ভৱেন চন্দ্ৰ বৰ্মনে। স্মৃতি তৰ্পণ কৰে বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যকৰী সভাপতি ধনঞ্জয় ৰায়ে। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ ৰায়ে। গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰে বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ঝিনু শংকৰী নাৰ্জাৰীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা