সেৱা ভাৰতীৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটাত বিনামূলীয়া এন ই ই টি-২০২৭ প্ৰস্তুতি পাঠদান
বৰপেটা, ০১ জুলাই (হি.স.)। আৰ্থিকভাৱে দুৰ্বল কিন্তু মেধাৱী শিক্ষাৰ্থীসকলক চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ লক্ষ্যৰে সেৱা ভাৰতীৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটাত বিনামূলীয়া এন ই ই টি-২০২৭ প্ৰস্তুতি পাঠদান আৰম্ভ কৰা হৈছে। বিনামূলীয়া এন ই ই ট
সেৱা ভাৰতীৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটাত বিনামূলীয়া এন ই ই টি-২০২৭ প্ৰস্তুতি পাঠদান


বৰপেটা, ০১ জুলাই (হি.স.)। আৰ্থিকভাৱে দুৰ্বল কিন্তু মেধাৱী শিক্ষাৰ্থীসকলক চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ লক্ষ্যৰে সেৱা ভাৰতীৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটাত বিনামূলীয়া এন ই ই টি-২০২৭ প্ৰস্তুতি পাঠদান আৰম্ভ কৰা হৈছে।

বিনামূলীয়া এন ই ই টি-২০২৭ প্ৰস্তুতি পাঠদান মুকলি অনুষ্ঠানৰ উদ্যোক্তা তথা সেৱা ভাৰতীৰ সভাপতি ডাঃ কমল কৃষ্ণ দাসে কয় যে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে আৰ্থিক অসুবিধাৰ বাবে ব্যয়বহুল ব্যক্তিগত প্ৰশিক্ষণ কেন্দ্ৰসমূহত নামভৰ্তি কৰাৰ সুযোগ নাপায়।

সেই কথা মনত ৰাখিয়েই সেৱাভাৰতীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ এই পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছে।

স্ক্ৰিনিং টেষ্টৰ জৰিয়তে বৰ্তমান ১০ জন শিক্ষাৰ্থীৰ নামভৰ্তি কৰা হৈছে।

সপ্তাহত তিনিদিনকৈ মাহেকত মুঠ ১২টা ক্লাছ লোৱা হ'ব। ইয়াৰ উপৰিও অনলাইন ক্লাছৰ ব্যৱস্থাও থাকিব। অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী আৰু এন ই ই টি উত্তীৰ্ণ শিক্ষাৰ্থীসকলেও শিক্ষাৰ্থীসকলক দিক্-নিৰ্দেশনা আগবঢ়াব।

কমল লোচন দাসে লগতে কয় যে সীমিত সংখ্যক শিক্ষাৰ্থীকহে এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰায় ১৫ৰ পৰা ২০ জন শিক্ষাৰ্থীক নামভৰ্তিৰ সুযোগ দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত উপস্থিত থাকি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে এই পদক্ষেপক আদৰ্শমূলক বুলি অভিহিত কৰে।

তেওঁ কয় যে এন ই ই টি এটা অতি প্ৰতিযোগিতামূলক পৰীক্ষা। সঠিক দিক্-নিৰ্দেশনা আৰু প্ৰস্তুতিৰ সুযোগ পালে বৰপেটাৰ বহু মেধাৱী শিক্ষাৰ্থীয়ে এই পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব।

সেৱাভাৰতীৰ এই উদ্যোগে শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে অধিক সুসংগঠিতভাৱে সাজু হোৱাত সহায় কৰিব আৰু চিকিৎসক হোৱাৰ সপোন পূৰণৰ পথ সুগম কৰিব।

সেৱাভাৰতীৰ এই বিনামূলীয়া এন ই ই টি প্ৰস্তুতি কাৰ্যসূচীক শিক্ষাৰ্থী আৰু অভিভাৱক মহলে আদৰণি জনোৱাৰ লগতে ইয়াৰ জৰিয়তে অঞ্চলটোৰ বহু মেধাৱী শিক্ষাৰ্থী উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande