
বৰপেটা, ০১ জুলাই (হি.স.)। ১৯৮৩ চনৰ অসম আন্দোলনকালীন সময়ছোৱাৰ মাজতেই ১ জুলাইত কামৰূপ জিলাৰ পৰা ফালৰি কাটি ঘোষণা হৈছিল বৰপেটা জিলা |
আজি বৰপেটা জিলা প্ৰশাসনৰ উদ্যাগত বৰপেটা জিলা দিৱস বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়।
বৰপেটা জিলা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসৰ লগতে পাটবাউসী আৰু সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ বাপ দুজনা, লেখক অক্ষয় কুমাৰ মিশ্ৰ, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, আৰক্ষী বিভাগ, বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতিনিধি তথা বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত অংশ লৈ বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে বৰপেটা জিলাৰ গঠনক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় প্ৰকাশ কৰে ।
তেওঁ কয় যে, এখন জিলাৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণৰ জীৱন-যাত্ৰাৰ মান উন্নত কৰা, শিক্ষা, ক্ৰীড়া, উদ্যোগ, কৃষি, বাণিজ্য, যোগাযোগ ব্যৱস্থা আৰু অন্যান্য ক্ষেত্ৰৰ বিকাশ সাধন কৰা।
বিধায়কগৰাকীয়ে বৰপেটাৰ উন্নয়নৰ ক্ষেত্ৰত এতিয়াও বহু কাম বাকী থকা বুলি উল্লেখ কৰি জিলাখনৰ ৰাস্তা-ঘাট, শিল্পক্ষেত্ৰ, নদী-বিল সংৰক্ষণ আৰু প্ৰশাসনিক গাঁথনি শক্তিশালী কৰাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব বুলি প্ৰকাশ কৰে ।
তেওঁ বৰপেটা জিলাখনক আমূল পৰিৱৰ্তনৰ দিশে আগুৱাই নিয়াৰ বাবে সকলো পক্ষক একেলগে কাম কৰাৰ আহ্বান জনায়।
জিলা দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বৰপেটাৰ উন্নয়ন, ঐতিহ্য সংৰক্ষণ আৰু জনকল্যাণমূলক কাৰ্যসূচী অধিক গতিশীল কৰাৰ সংকল্প গ্ৰহণ কৰা হয়।
অনুষ্ঠানৰ শেষত বৰপেটা জিলা উন্নয়ন আয়ুক্ত গীতালি দুৱৰাই কয় যে জিলা দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে সকলো বিভাগৰ মাজত সমন্বয় আৰু একতাৰ মনোভাৱ গঢ়ি তোলা। তেওঁ কয় যে জিলা প্ৰশাসন, আৰক্ষী আৰু বিভিন্ন চৰকাৰী বিভাগ একেলগে কাম কৰি বৰপেটাৰ সামগ্ৰিক উন্নয়নৰ বাবে দায়বদ্ধ। ইতিমধ্যে সম্পন্ন কৰা উন্নয়নমূলক কামসমূহ উদযাপনৰ লগতে ভৱিষ্যতে অধিক দক্ষতা আৰু নিষ্ঠাৰে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰাই এই দিৱসৰ মূল লক্ষ্য বুলি প্ৰকাশ কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা