
গুৱাহাটী, ০১ জুলাই (হি.স.)। বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত যৌথ অভিযান চলাই অসম আৰক্ষীয়ে প্ৰায় ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত উল্লেখ কৰে যে ড্ৰাগছ সৰবৰাহকাৰীয়ে “এয়া ব্যৱসায়” বুলি দাবী কৰিছিল যদিও অসম আৰক্ষীৰ স্পষ্ট সঁহাৰি আছিল, “অসমত নহয়”।
এই অভিযানত আৰক্ষীয়ে ৪৯,৮০০ ইয়াবা টেবলেট আৰু ৫৩৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত জব্দ কৰা ড্ৰাগছৰ আনুমানিক মূল্য প্ৰায় ১৩ কোটি ₹।
অবৈধ ড্ৰাগছ সৰবৰাহত লিপ্ত হোৱাৰ পৰিৱৰ্তে বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লৈ বৈধ জীৱিকা অৰ্জন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। তেওঁ অসম ড্ৰাগছ বিৰোধী অভিযানৰ অধীনত ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাবলৈ ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ