সোণাপুৰ মহাবিদ্যালয়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ এমহীয়া বিনামূলীয়া কৰ্মশালাৰ শুভ উদ্বোধন
গুৱাহাটী, ০১ জুলাই (হি.স.)। ডিমৰীয়া সমষ্টিৰ শিক্ষাৰ্থীসকলৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ। সোণাপুৰ মহাবিদ্যালয়ত এ পি এছ চি/ইউ পি এছ চি/ এডিআৰই ''ৰ এমহীয়া বিনামূলীয়া কৰ্মশালাৰ শুভ উদ্বোধন। অসামৰিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষা এ পি এছ চি আৰু ইউ
ডিমৰীয়া সমষ্টিৰ শিক্ষাৰ্থীসকলৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ।


ডিমৰীয়া সমষ্টিৰ শিক্ষাৰ্থীসকলৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ।


গুৱাহাটী, ০১ জুলাই (হি.স.)। ডিমৰীয়া সমষ্টিৰ শিক্ষাৰ্থীসকলৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ।

সোণাপুৰ মহাবিদ্যালয়ত এ পি এছ চি/ইউ পি এছ চি/ এডিআৰই 'ৰ এমহীয়া বিনামূলীয়া কৰ্মশালাৰ শুভ উদ্বোধন।

অসামৰিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষা এ পি এছ চি আৰু ইউ পি এছ চি-তথা এডিআৰই 'ৰ পৰীক্ষাৰ প্ৰস্তুতি অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্যৰে আজি সোণাপুৰ মহাবিদ্যালয়ত শুভ উদ্বোধন কৰা হয় বিনামূলীয়া এমহীয়া বিশেষ কৰ্মশালাৰ।ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাসৰ পৃষ্ঠপোষকতাত, জেনছাইন চিভিল চাৰ্ভিচ একাডেমী -ৰ উদ্যোগত আৰু সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগত আজি শুভ উদ্বোধন কৰা হয় এ পি এছ চ/ইউ পি এছ চ- আৰু এডিআৰই'ৰএমহীয়া বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ।

এই কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত-সচিব নাৰায়ণ কোৱৰ। তেওঁ শিক্ষাৰ্থীসকলক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে সুপৰিকল্পিত প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সফলতাৰ বাবে অধ্যৱসায়, নিয়মানুৱৰ্তিতা আৰু লক্ষ্যস্থিৰতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাষণ আগবঢ়ায়।

উল্লেখযোগ্য যে, এই এমহীয়া কৰ্মশালাত ইতিমধ্যে প্ৰায় ৭০০ গৰাকী শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰাৰ লগতে আজি সোণাপুৰ মহবিদ্যালয় আৰুGEN SHINE চিভিল চাৰ্ভিচেছ একাডেমীৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। ইফালে এই উদ্যোগে ডিমৰীয়া অঞ্চলৰ মেধাৱী শিক্ষাৰ্থীসকলক অসামৰিক সেৱাৰ সপোন পূৰণৰ দিশত এক নতুন সুযোগ প্ৰদান কৰাৰ আশা পৰিলক্ষিত হৈছে।

আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাস, সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদব্ৰত শইকীয়া, জেনছাইন চিভিল চাৰ্ভিচ একাডেম 'ৰ বিষয়ববীয়া, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande