গৃহমন্ত্ৰী শ্বাহৰ জনগাঁথনি পৰিৱৰ্তনৰ উচ্চস্তৰীয় সমিতিক শীঘ্ৰে পৰামৰ্শ দাখিল কৰিবলৈ নিৰ্দেশ
নতুন দিল্লী, ০১ জুলাই (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে জনগাঁথনি পৰিৱৰ্তনৰ উচ্চস্তৰীয় সমিতিক অতি শীঘ্ৰে পৰামৰ্শ দাখিল কৰিবলৈ আহ্বান জনাইছে। বুধবাৰে গৃহমন্ত্ৰীগৰাকীৰ বাসগৃহত সৌজন্যতাৰে পৰিদৰ্শন কৰি কমিটীয়ে তেওঁৰ কৰ্ম পৰিকল্পনা
केंद्रीय गृह मंत्री अमित शाह से बुधवार को जनसांख्यिकीय बदलावों पर गठित हाई लेवल कमिटी ऑन डेमोग्राफिक चेंजेज से शिष्टाचार भेंट करते हुए


নতুন দিল্লী, ০১ জুলাই (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে জনগাঁথনি পৰিৱৰ্তনৰ উচ্চস্তৰীয় সমিতিক অতি শীঘ্ৰে পৰামৰ্শ দাখিল কৰিবলৈ আহ্বান জনাইছে। বুধবাৰে গৃহমন্ত্ৰীগৰাকীৰ বাসগৃহত সৌজন্যতাৰে পৰিদৰ্শন কৰি কমিটীয়ে তেওঁৰ কৰ্ম পৰিকল্পনা সন্দৰ্ভত অৱগত কৰে।

বৈঠকৰ সময়ত গৃহমন্ত্ৰীক জনোৱা হয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তনৰ সৈতে জড়িত ভূমি পৰিস্থিতিৰ প্ৰত্যক্ষ মূল্যায়ন কৰিব। জনগাঁথনিগত পৰিৱৰ্তনৰ বিভিন্ন দিশৰ সন্দৰ্ভত মতামত আহৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ সৈতেও কমিটীয়ে আলোচনাত মিলিত হ’ব।

কমিটীয়ে জনাইছে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণসমূহক অধিক ফলপ্ৰসূ আৰু পাৰস্পৰিক ক্ৰিয়াশীল কৰি তুলিবলৈ এক বিশদ প্ৰশ্নাৱলী প্ৰস্তুত কৰা হৈছে। এই প্ৰশ্নাৱলীৰ সহায়ত নিজ নিজ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা আগতীয়াকৈ প্ৰয়োজনীয় তথ্য আহৰণ কৰা হ’ব, যাৰ ফলত অধ্যয়নটো অধিক পদ্ধতিগত আৰু বাস্তৱসন্মত হ’ব।

গৃহমন্ত্ৰী অমিত শ্বাহে সমিতিৰ কৰ্ম পৰিকল্পনাক প্ৰশংসা কৰাৰ লগতে সমিতিৰ দৈনন্দিন কাম-কাজ আৰু ভ্ৰমণৰ সময়ত সকলো সম্ভৱপৰ প্ৰশাসনিক আৰু অন্যান্য প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ গৃহ সচিবক নিৰ্দেশ দিয়ে। তেওঁ কমিটীক ইয়াৰ অধ্যয়ন ক্ষিপ্ৰতাৰে কৰি চৰকাৰৰ ওচৰত পৰামৰ্শ দাখিল কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৫ আগষ্টত দিয়া ভাষণত উচ্চ-শক্তিশালী জনগাঁথনি অভিযান ঘোষণা কৰিছিল। ইয়াৰ অধীনত অবৈধ প্ৰব্ৰজন আৰু অন্যান্য অস্বাভাৱিক কাৰকৰ বাবে দেশত সংঘটিত হোৱা জনগাঁথনিগত পৰিবৰ্তনৰ বিষয়ে অধ্যয়ন কৰি সেইবোৰৰ সমাধানৰ ব্যৱস্থাৰ পৰামৰ্শ দিবলৈ কেন্দ্ৰীয় চৰকাৰে এই উচ্চস্তৰীয় সমিতিখন গঠন কৰিছে।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাওলেকাৰ সমিতিৰ অধ্যক্ষ। লোকপিয়ল আয়ুক্তৰ উপৰিও কমিটীত আছে প্ৰাক্তন আই এ এছ বিষয়া দুৰ্গা শংকৰ মিশ্ৰ, প্ৰাক্তন আই পি এছ বিষয়া বালাজী শ্ৰীবাস্তৱ, আৰু প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্য ড০ শমিকা ৰবি।

অবৈধ প্ৰব্ৰজন আৰু অন্যান্য অস্বাভাৱিক কাৰকৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ ওপৰত বৈজ্ঞানিক অধ্যয়ন চলাই ইয়াৰ কাৰণ বিশ্লেষণ কৰি, সেইবোৰৰ সমাধানৰ বাবে প্ৰয়োজনীয় নীতি, আইনগত, প্ৰশাসনিক ব্যৱস্থা সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দাখিল কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande