স্বামীয়ে মটৰ চাইকেল ক্ৰয় কৰিবলৈ সাঁচি থোৱা ধন লৈ পলাল পত্নী
স্বামীয়ে মটৰচাইকেল ক্ৰয় কৰিবলৈ সাঁচি থোৱা ধন লৈ পলাল পত্নী।
স্বামীয়ে মটৰ চাইকেল ক্ৰয় কৰিবলৈ সাঁচি থোৱা ধন লৈ পলাল পত্নী


নগাঁও, ০৯ জুন (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ লাইলুৰিত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ ঘটনা। স্বামীয়ে মটৰ চাইকেল ক্ৰয় কৰিবলৈ সাঁচি থোৱা ধন লৈ পলাল পত্নী । নগদ ৭৫ হাজাৰ টকা আৰু সোণৰ অলংকাৰ লৈ নিৰুদ্দেশ হৈ আছে পত্নী আকলিমা খাতুন নামৰ মহিলাগৰাকী ।

জানিব পৰামতে, চামগুৰিৰ লাইলুৰিৰ আকলিমা খাতুন নামৰ মহিলাগৰাকীয়ে ঈদ উপলক্ষে পিতৃ ঘৰলৈ বুলি গৈ নাইকিয়া হ'ল পিতৃৰ ঘৰৰ পৰা । ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত পিতৃ আৰু স্বামীয়ে পৃথকে পৃথকে ৰুজু কৰিছে গোচৰ । ইফালে দুই সন্তানৰ মাতৃ আকলিমাক যদি কোনো লোকে সম্ভেদ লাভ কৰে তেন্তে 9957632 876নম্বৰত যোগাযোগ কৰি খবৰ দিলে ২০ হাজাৰ নগদ ধন পুৰস্কাৰ দিব বুলিও সদৰি কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande