
–তেজপুৰৰ জি আই স্বীকৃতি লাভ কৰা লিচুক উপলক্ষ কৰি কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পিযুষ গ'ৱেলৰ উল্লাসপূৰ্ণ মন্তব্য
–বহুকেইখন দেশে বিচাৰিছে তেজপুৰৰ লিচু
–তেজপুৰত উপস্থিত হোৱা শোণিতপুৰ জিলা প্ৰশাসন মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়েও ল'লে তেজপুৰৰ লিচুৰ সোৱাদ
শোণিতপুৰ, ০৯ জুন (হি.স.)। জি আই স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু, মঙহাল তথা সুমিষ্ট লিচুৱে ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সমাদৰ লাভ কৰাৰ পিছত তেজপুৰত যোৱা ৬ আৰু ৭ জুন তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা তেজপুৰ লিচু উৎসৱ -২০২৬ ক উপলক্ষ্য কৰি পুনৰ তেজপুৰৰ লিচু সমগ্ৰ বিশ্বতে সমাদৃত হৈ পৰিছে । তেজপুৰ লিচু উৎসৱ উদযাপন স্হলীৰ পৰাই যোৱা ৭ জুনত ১ টন জি আই স্বীকৃতি লাভ কৰা লিচু ডুবাইলৈ ৰপ্তানি হোৱা আৰু তাৰ পৰৱৰ্তী সময়ত ছিংগাপুৰলৈ ৫০০ কেজি লিচুৰ লগতে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ কালিৰ দিনটোত ১০ হেজাৰ ৩০০ লিচু তেজপুৰৰ পৰা প্ৰেৰণ কৰাৰ পিছত আজি কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে নিজৰ সামাজিক মাধ্যমত তেজপুৰৰ জি আই টেগ লাভ কৰা লিচু বিদেশলৈ ৰপ্তানি হোৱাত উচ্ছাসিত প্ৰশংসা কৰে ।
কেন্দ্ৰীয় মন্ত্ৰী গোৱেলে সমগ্ৰ বিশ্বতে তেজপুৰৰ লিচুৱে সমাদৰ লাভ কৰাটো এক উল্লেখযোগ্য দিশ বুলি উল্লেখ কৰি এপেডাৰ জৰিয়তে এতিয়া অসমৰ তেজপুৰৰ লিচুৱে গ্লবেল স্বীকৃতি লাভ কৰাটো উত্তৰ পূবৰ কৃষি ক্ষেত্ৰখনৰ বাবে এক আশাব্যঞ্জক খবৰ বুলি অভিহিত কৰি লিচু খেতিয়ক সকলৰ বাবেও ই এক নতুন দিশ উন্মোচন কৰিলে বুলি উল্লেখ কৰিছে । উল্লেখ্য যে লিচু উৎসৱৰ দিন ধৰি বিশ্বৰ কেবাখনো দেশৰ পৰা তেজপুৰৰ লিচু পাব পৰা বহু কেইটা প্ৰস্তাৱ লাভ কৰাৰ পিছত এতিয়া লিচু উৎপাদনৰ সৈতে জড়িত কৃষক সকলৰ লগতে পেকেজিঙকে ধৰি ৰপ্তানি প্ৰক্ৰিয়াত জড়িত সকল অধিক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ।
আনহাতে শোণিতপুৰ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী হিচাপে নতুনকৈ দায়িত্ব লাভ কৰিয়েই আজি তেজপুৰত জিলা প্ৰশাসনৰ বিষয়া -কৰ্মচাৰীৰ লগতে বিধায়ক সকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰা বিশ্বজিৎ দৈমাৰীয়েও আজি তেজপুৰৰ লিচুৰ সোৱাদ লৈ অভিভূত হৈ পৰাৰ পিছত জিলা প্ৰশাসনে অভিভাৱক মন্ত্ৰী গৰাকীকো তেজপুৰৰ জি আই স্বীকৃতি লাভ কৰা লিচু উপহাৰ হিচাপে প্ৰদান কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ