২০২৭ চনৰ লোকপিয়লৰ বাবে অসমৰ মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী
গুৱাহাটী, ০৯ জুন (হি.স.)। ২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায় অৰ্থাৎ গৃহতালিকা আৰু গৃহপিয়ল (এইচএলঅ’)ৰ বাবে অসমৰ চাৰিদিনীয়া সম্পূৰ্ণ আৱাসিক মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আজিৰে পৰা গুৱাহাটীৰ লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (আই.আই.ই
২০২৭ চনৰ লোকপিয়লৰ বাবে অসমৰ মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী


গুৱাহাটী, ০৯ জুন (হি.স.)। ২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায় অৰ্থাৎ গৃহতালিকা আৰু গৃহপিয়ল (এইচএলঅ’)ৰ বাবে অসমৰ চাৰিদিনীয়া সম্পূৰ্ণ আৱাসিক মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আজিৰে পৰা গুৱাহাটীৰ লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (আই.আই.ই.)ত আৰম্ভ হৈছে।

৯ জুনৰ পৰা ১২জুন ২০২৬ লৈ আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ পৰা ৪৪ জন বিষয়া আৰু লোকপিয়ল সঞ্চালকালয় (ডিচিঅ'), অসমৰ ১৫ জন বিষয়াসহ মুঠ ৫৯ জন মাষ্টাৰ ট্ৰেইনাৰ একত্ৰিত কৰা হৈছে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে প্ৰশিক্ষকসকলৰ এক শক্তিশালী গোট গঢ়ি তোলা, যিসকলে ১১০৯ জন ফিল্ড ট্ৰেইনাৰক প্ৰশিক্ষণ প্ৰদান কৰিব। পৰৱৰ্তী সময়ত এই ফিল্ড ট্ৰেইনাৰসকলে ৰাজ্যজুৰিত ২০২৭ চনৰ লোকপিয়লৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে ৮৩,৫৩৫ গৰাকী গণনাকাৰী আৰু পৰ্যবেক্ষকক প্ৰশিক্ষণ প্ৰদান কৰিব ।

এই প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল অসমৰ লোকপিয়ল সঞ্চালক তথা মুখ্য প্ৰধান লোকপিয়ল বিষয়া বিশ্বজিৎ পেগু, অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ সচিব যতীন বৰা, ভাৰত চৰকাৰৰ দক্ষতা উন্নয়ন আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সঞ্চালক (ই.এন.পি.) তথা আই.আই.ই., গুৱাহাটীৰ প্ৰীতম দত্ত, ২০২৭ চনৰ লোকপিয়লৰ বাবে ৰাজ্য চৰকাৰৰ ন’ডেল বিষয়া তথা অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব পাৰ্থ পেগু, ডিচিঅ’ অসমৰ উপ মহাপঞ্জীয়ক তথা অতিৰিক্ত মুখ্য প্ৰধান লোকপিয়ল বিষয়া ভাৰতী চন্দা, ডিচিঅ’ অসমৰ যুটীয়া সঞ্চালক তথা যুটীয়া মুখ্য প্ৰধান লোকপিয়ল বিষয়া ড° নিজৰা শৰ্মা আৰু আই.আই.ই.ৰ অধ্যাপক সদস্য এ.এছ.এছ. দেৱান।

এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা মাষ্টাৰ ট্ৰেইনাৰসকলক সম্বোধন কৰি, বিশিষ্ট ব্যক্তিসকলে তথ্যভিত্তিক পৰিকল্পনা, প্ৰশাসন ব্যৱস্থা আৰু নীতি নিৰ্ধাৰণৰ বাবে ২০২৭ চনৰ লোকপিয়লৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যসূচী হিচাপে ইয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মকৰ্তাসকলক গুণগত প্ৰশিক্ষণ প্ৰদান কৰিব আৰু তথ্য সংগ্ৰহৰ উচ্চ মানদণ্ড বজাই ৰাখি লোকপিয়ল সফল সম্পন্ন কৰাটো নিশ্চিত কৰাত মাষ্টাৰ ট্ৰেইনাৰসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

প্ৰথম দিনা কাৰিকৰী অধিৱেশনত প্ৰশিক্ষণ দক্ষতা, গৃহতালিকা আৰু গৃহপিয়লৰ মুখ্য দিশবোৰ সামৰি লোৱা হয়, য’ত লোকপিয়লৰ ধাৰণা, প্ৰক্ৰিয়া, ক্ষেত্ৰ পৰ্যায়ৰ প্ৰট'কল আৰু লোকপিয়ল ২০২৭ ৰ বাবে প্ৰস্তুত কৰা ডিজিটেল সঁজুলি আৰু এপ্লিকেচনসমূহৰ ব্যৱহাৰ অন্তৰ্ভুক্ত আছিল। আন্তঃক্ৰিয়ামূলক আলোচনা আৰু প্ৰদৰ্শনে অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ ভূমিকা, দায়িত্ব আৰু প্ৰশিক্ষণ পদ্ধতিৰ বিষয়ে এক বিস্তৃত ধাৰণা প্ৰাপ্ত কৰিবলৈ সহায় কৰে।

এই প্ৰশিক্ষণ কাৰ্যসূচী চাৰিজন ৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ দ্বাৰা প্ৰদান কৰা হৈছে- অসমৰ যুটীয়া সঞ্চালক তথা যুটীয়া মুখ্য প্ৰধান লোকপিয়ল বিষয়া বিকাশ নাথ, অসমৰ সহকাৰী সঞ্চালক তথা সহকাৰী মুখ্য প্ৰধান লোকপিয়ল বিষয়া নয়ন মনি গগৈ, অৰুণাচল প্ৰদেশৰ যুটীয়া সঞ্চালক তথা যুটীয়া মুখ্য প্ৰধান লোকপিয়ল বিষয়া উৎপল শৰ্মা; আৰু অৰুণাচল প্ৰদেশৰ সহকাৰী সঞ্চালক তথা সহকাৰী মুখ্য প্ৰধান লোকপিয়ল বিষয়া মহম্মদ চফিকুৰ ৰহমান।

এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক অধিক মনোযোগী শিক্ষণ আৰু ফলপ্ৰসূ পাৰস্পৰিক যোগাযোগৰ সুবিধাৰ বাবে দুটা গোটত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। অধিৱেশনবোৰত সকলো মাষ্টাৰ ট্ৰেইনাৰৰ সক্ৰিয় অংশগ্ৰহণ আৰু আগ্ৰহ পৰিলক্ষিত হয়, যি লোকপিয়ল ২০২৭ ৰ সফল পৰিচালনাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।

সমগ্ৰ ৰাজ্যখনত ধাৰাবাহিক প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰাৰ বাবে মাষ্টাৰ ট্ৰেইনাৰসকলৰ ক্ষমতা শক্তিশালী কৰাৰ লক্ষ্যৰে গভীৰ কাৰিকৰী আৰু ব্যৱহাৰিক অধিৱেশনৰ সৈতে এই প্ৰশিক্ষণ কাৰ্যসূচী পৰৱৰ্তী তিনিদিনলৈ অব্যাহত থাকিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande