
গোলাঘাট, ০৯ জুন (হি.স.): গোলাঘাট জিলাৰ বোকাখাতৰ অগৰাতলিত সন্ত্ৰাস চলোৱা ঢেকীয়াপতীয়া বাঘ এটা অৱশেষত যোৱা কালি সোমবাৰে সন্ধিয়া পিঞ্জৰাৱদ্ধ কৰা হয় । কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংমণ্ডলৰ ডিএফঅ' অৰুণ বিগনেছ আৰু অগৰাতলি বনাঞ্চলিক বিষয়াৰ তৎপৰতাত পিঞ্জৰাৱদ্ধ হ'ল বাঘটো ।
ইফালে ঢেকীয়াপতীয়া বাঘটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে অগৰালি বামুন গাঁও নিবাসী কৃষক ৰাইজে । উল্লেখ্য যে যোৱা ৩ দিনত ১০ টাৰো অধিক গৰু-গাহৰি নিধন কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ পৰা ওলাই অহা বাঘটোৱে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ