বিধায়ক নিৰ্বাচিত তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ তিনি প্ৰাক্তন ছাত্ৰলৈ উষ্ম সম্বৰ্ধনা
–ছাত্ৰ জীৱনৰ স্মৃতি ৰোমন্থন কৰি স্মৃতিকাতৰ হ''ল বিধায়ক পৃথ্বিৰাজ ৰাভা –দৰং মহাবিদ্যালয়ৰ মানৱ সম্পদ সৃষ্টিৰ অবিৰত যাত্ৰা অনিৰুদ্ধ হৈ ৰ''ব --ঋতুবৰণ শৰ্মা শোণিতপুৰ, ০৯ জুন (হি.স.)। ৰাজ্যখনৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান স্বায়ত্ত শাসিত দৰং মহাবি
তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰংমহাবিদ্যালয়ৰ তিনি প্ৰাক্তন ছাত্ৰ বিধায়ক হিচাপে নিৰ্বাচিত


তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰংমহাবিদ্যালয়ৰ তিনি প্ৰাক্তন ছাত্ৰ বিধায়ক হিচাপে নিৰ্বাচিত


তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰংমহাবিদ্যালয়ৰ তিনি প্ৰাক্তন ছাত্ৰ বিধায়ক হিচাপে নিৰ্বাচিত


–ছাত্ৰ জীৱনৰ স্মৃতি ৰোমন্থন কৰি স্মৃতিকাতৰ হ'ল বিধায়ক পৃথ্বিৰাজ ৰাভা

–দৰং মহাবিদ্যালয়ৰ মানৱ সম্পদ সৃষ্টিৰ অবিৰত যাত্ৰা অনিৰুদ্ধ হৈ ৰ'ব --ঋতুবৰণ শৰ্মা

শোণিতপুৰ, ০৯ জুন (হি.স.)। ৰাজ্যখনৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান স্বায়ত্ত শাসিত দৰং মহাবিদ্যালয়ৰ নৱনিৰ্মিত পশ্চিম দিশৰ মূল তোৰণখন আজি আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্ঘাটন কৰাৰ লগতে অসম বিধান সভাৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱা তিনিগৰাকী প্ৰাক্তন ছাত্ৰ ক্ৰমে বিধায়ক পৃথ্বিৰাজ ৰাভা, ঋতুবৰণ শৰ্মা আৰু কৃষ্ণকমল তাঁতীক মহাবিদ্যালয় পৰিয়ালে অভিনন্দন জ্ঞাপন কৰে ।

উল্লেখ্য যে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা তেজপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সৎপাল টায়েলে নিজৰ বদান্যতা প্ৰকাশ কৰি পিতৃৰ সোঁৱৰণত তোৰণখনৰ বাবে প্ৰায় ৫ লাখ টকা প্ৰদান কৰাৰ পিছত প্ৰাক্তন ছাত্ৰ তথা আৰ্কিটেক্ট অভিযন্তা, নৱনিৰ্বাচিত বিধায়ক ঋতুবৰণ শৰ্মাৰ ডিজাইনেৰে অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰি দিয়া তোৰণখন আজি পুৱা মহাবিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ খগেশ্বৰ বৰকাকতিৰ লগতে অধ্যক্ষ ড০ পলাশমণি শইকীয়া , অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ গহন চন্দ্র মহন্ত , প্ৰণৱজ্যোতি দাস ,এলুমনাই সন্থাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসৰ লগতে মহাবিদ্যালয়খনৰ একাংশ অধ্যাপক -অধ্যাপিকা আৰু ছাত্ৰ একতা সভাৰ বিষয়ববীয়া - শিক্ষাৰ্থীৰ উপস্থিতিত প্ৰাক্তন ছাত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু প্ৰাক্তন ছাত্ৰ তথা বৰছলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মাই ফিটা কাটি উদ্ঘাটন কৰে।

ইয়াৰ পিছতেই মহাবিদ্যালয়খনৰ এন ই চি সভাকক্ষত অধ্যাপিকা ড০ স্বপ্নালী দেৱীয়ে আঁত ধৰা বিশেষ অনুষ্ঠানত বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মাক গামোচা , চেলেং , শৰাই , গছপুলি আৰু সম্বৰ্ধনা পত্ৰেৰে বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে । পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ড০ খগেশ্বৰ বৰকাকতিৰ পৌৰোহিত্যত অধ্যক্ষ ড০ পলাশমণি শইকীয়াই আদৰণী ভাষণ আগবঢ়োৱা আজিৰ এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানটি আৰম্ভ হয় দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ মহাবিদ্যালয়খনৰ শীৰ্ষ গীতেৰে ।

উল্লেখ্য যে সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাক্তন ছাত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ছাত্ৰ অৱস্থাত মহাবিদ্যালয় খনৰ পৰা আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাত পুৰস্কাৰ কঢ়িয়াই অনা , শ্ৰেষ্ঠ নাট্যদলৰ সন্মান অৰ্জন কৰা আৰু ক্ৰীড়া প্ৰতিযোগিতা সমূহতো বুজন পৰিমাণৰ পদক আজুৰি অনা স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে । আনহাতে বিধায়ক গৰাকীয়ে মহাবিদ্যালয়খনৰ দ্বিতীয় চৌহদ এটাৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি অহাৰ বাবে অচিৰেই সেই গুৰুত্বপূৰ্ণ দিশটোৰ ওপৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষক প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

আনহাতে প্ৰাক্তন ছাত্ৰ তথা নৱনিৰ্বাচিত বৰছলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মাইও ছাত্ৰ জীৱনৰ শিক্ষাগুৰু সকলক স্মৰণ কৰি প্ৰতিষ্ঠা লগ্নৰে দৰংমহাবিদ্যালয়ৰ মানৱ সম্পদ গঢ় দিয়াৰ আলোকসন্ধানী যাত্ৰা অনিৰুদ্ধ গতিত অব্যাহত থকাটো এক আশাব্যঞ্জক কথা বুলি মন্তব্য কৰে । এক সুন্দৰ সেউজীয়া চৌহদ থকা আপোন মহাবিদ্যালয়খনত প্ৰৱেশ কৰিলেই দেহ মন পুলকিত হৈ পৰে বুলি মন্তব্য কৰি শৰ্মাই এই আপোন মহাবিদ্যালয় খনৰ মানৱ সম্পদ গঢ় দিয়াৰ যাত্ৰাত প্ৰাক্তন শিক্ষাৰ্থী ,অৱসৰপ্ৰাপ্ত শিক্ষক ,অভিভাৱকে যদি সদায় দায়ৱদ্ধতা প্ৰকাশ কৰে তেতিয়া এই যাত্ৰা চিৰকালৰ বাবে অনিৰুদ্ধ হৈ ৰ'ব বুলি কৈ এগৰাকী ৰাইজৰ প্ৰতিনিধি হিচাপে আগন্তুক সময়ত মহাবিদ্যালয়খনৰ বাবে নিজকে উৎসৰ্গা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

তোৰণখনৰ দাতা গৰাকীৰ সহধৰ্মিনী চালু টায়েলেও বিশেষ আসন শুৱনি কৰা আৰু অধ্যাপক ড০ অনামিকা দাসে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা ড০ খগেশ্বৰ বৰকাকতিয়েও ভাষণ আগবঢ়াই তোৰণখনৰ দাতা গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সম্বৰ্ধিত হোৱা দুগৰাকী প্ৰাক্তন ছাত্ৰ বিধায়কক আগন্তুক সময়ৰ বাবে শুভ কামনা জ্ঞাপন কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰা ৰঙাপৰা সমষ্টিৰ বিধায়ক তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ চৰকাৰী বিশেষ কাৰ্যসূচীৰ বাবে আজিৰ অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিলে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande