মহানগৰীৰ বেহাৰবাৰীত চুৰিৰ ঘটনা
গুৱাহাটী, ০৯ জুন (হি.স.)। মহানগৰীৰ বেহাৰবাৰী অঞ্চলত এটা চুৰিৰ ঘটনা সংঘটিত হৈছে। বেহাৰবাৰীস্থিত মহিন্দ্রা শ্ব’ৰূমত চোৰৰ আজৱ কাণ্ড। চুৰি কৰিবলৈ গৈ কাটি পেলালে শ্ব’ৰূমটোৰ চিচিটিভিৰ সকলো ৱায়াৰ। দুটা চোৰে সংঘটিত কৰে এই কাণ্ড। পূৰ্বেও শ্ব’ৰূমটোত সংঘটি
মহানগৰীৰ বেহাৰবাৰীত চুৰিৰ ঘটনা


গুৱাহাটী, ০৯ জুন (হি.স.)। মহানগৰীৰ বেহাৰবাৰী অঞ্চলত এটা চুৰিৰ ঘটনা সংঘটিত হৈছে। বেহাৰবাৰীস্থিত মহিন্দ্রা শ্ব’ৰূমত চোৰৰ আজৱ কাণ্ড।

চুৰি কৰিবলৈ গৈ কাটি পেলালে শ্ব’ৰূমটোৰ চিচিটিভিৰ সকলো ৱায়াৰ।

দুটা চোৰে সংঘটিত কৰে এই কাণ্ড। পূৰ্বেও শ্ব’ৰূমটোত সংঘটিত হৈছিল চুৰিৰ ঘটনা। এই চুৰিৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে শ্ব’ৰূম কৰ্তৃপক্ষৰ মাজত হুৱাদুৱা লাগে আৰু বশিষ্ঠ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এই চুৰিৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে শ্বোৰূমটোৰ পৰা চোৰে অধিক কোনো সামগ্ৰী চুৰি কৰি নিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande