দেৱ দেৱীৰ ফটো আঁৰি থোৱাক কেন্দ্ৰ কৰি ৰঙিয়া থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
কালি নিশা ৰঙিয়া থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ।
দেৱ দেৱীৰ ফটো আঁৰি থোৱাক কেন্দ্ৰ কৰি ৰঙিয়া থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি


কামৰূপ, ০৯ জুন (হি.স.): কামৰূপ জিলাৰ ৰঙিয়া থানাৰ সন্মুখত যোৱাকালি সোমবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । টায়াৰ জ্বলাই পথ অৱৰোধ কৰে একাংশ ক্ষুদ্ধ লোকে । ৰঙিয়াৰ জইনুৰ আলী নামৰ এজন লোকৰ ৰুদ্ৰমণি নামৰ ধাবা এখনত দেৱ দেৱীৰ ফটো আঁৰি থোৱাক কেন্দ্ৰ কৰিয়েই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ সহ দুই এজনে আঁতৰাব দিছিল দেৱ দেৱীৰ ফটো । তাৰ পিছতে দুয়ো পক্ষৰ মাজত সৃষ্টি হয় হতাহতিৰ ঘটনা । ৰুদ্ৰমনি ধাবাৰ মালিক সহ একাংশ লোকে অমৰেন্দ্ৰ লহকৰ, অঞ্জন ভূঞা আৰু পংকজ কলিতা সহ আন কেবাজনক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে । ৰুদ্ৰমণি ধাবাৰ গৰাকী জইনুৰ আলীক আটক কৰাৰ দাবীত ৰঙিয়া থানা ঘেৰাও কৰি পথ অৱৰোধ কৰিলে বজৰং দলসহ কেবাটাও সংগঠনৰ সদস্যই । পথ অৱৰোধৰ ফলত ৰঙিয়া থানাৰ সন্মূখত আৱদ্ধ হৈ পৰে কেইবাখনো মালবাহী যান - বাহন ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande