
তামুলপুৰ, ০৯ জুন (হি.স.)। তামুলপুৰত বন্যহস্তীৰ উপদ্ৰৱত অতীষ্ঠ ৰাইজ। তামুলপুৰত হাতী মানুহৰ সংঘাত এতিয়া নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ জনবসতি অঞ্চলত বাৰিষাৰ দিনতো হাতীৰ আগমনে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ জনাঞ্চলত প্ৰৱেশ কৰি নিতৌ ঘৰ দুৱাৰ ভাঙিছে। ইতিমধ্যে বিগত সপ্তাহত দুজনক আক্ৰমণ কৰি নিহত কৰিছে ৷ কালি নিশাও হাতীয়ে ভুটান সীমান্তৰ কাৰখেলাৰ জিৎ বাহাদুৰ ছেত্রীৰ ঘৰ ,গংগামায়া খড়কাৰ তামোল বাগান, মহিমা বিশ্বাসৰ ঘৰ ভাঙিছে , চাউল খাইছে ধান খাইছে বাচন বৰ্তন ভাঙিছে।
ইপিনে অমৰ বিশ্বাসৰ ঘৰ, গোপী কাৰ্কীৰ তামোল বাগানৰ ব্যাপক ক্ষতি সাধন কৰিছে ৷ বনবিভাগ স্থানীয় লোক সকল নিৰুপায়ত পৰিছে ৷
নিশা হলেই হাতীৰ জাকৰ প্ৰতি লক্ষ্য ৰাখি বিনিদ্ৰ ৰজনী কটাব লগাত পৰিছে ৷ কাৰখেলাৰ উপৰিও কালঝাৰ, অভয়পুৰ শান্তিপুৰ, খৈৰানী চেচাপানী আদি গাঁৱৰ বাসিন্দা হাতীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ৷ দিনত কৃষক সকলে পথাৰত কাম কৰি নিশা হলেই টোপনি ক্ষতি কৰি হাতীৰ পহৰাত ব্যস্ত হৈ পৰিবলগীয়া হোৱাত জনসাধাৰণৰ অৱস্থা তথা নিৰাপত্তা নোহোৱা হৈ পৰিছে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু