
নগাঁও, ০৯ জুন (হি.স.)। মঙলবাৰে বিয়লি অহা প্ৰচণ্ড বতাহ ধুমুহাত ৰহাত স্থান ভেদে বিস্তৰ ক্ষতি সাধন হয়। প্ৰচণ্ড বৰষুণৰ লগতে অহা বতাহ ধুমুহাত পথৰ ওপৰত বাগৰি পৰে এডাল প্ৰকাণ্ড গছ। ৰহা গড়মাৰী তিনিখুটিত ৰহা-চাপৰমুখ পথৰ ওপৰত গছজোপা বাগৰি পৰাত পথটো প্ৰায় এঘন্টাৰো অধিক সময় বন্ধ হৈ পৰে। অঞ্চলটোত বাহনৰ দিঘলীয়া শাৰী পৰিলক্ষিত হয়।
পাছত ৰহা গড়কাপ্তানী বিভাগ আৰু যানবাহন আৰক্ষী, স্থানীয় ৰাইজৰ সহযোগত পথটো মুকলি কৰিবলৈ সক্ষম হয় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা