ফিফা বিশ্বকাপৰ ৰেফাৰী ওমৰ আৰ্টান বৈধ ভিছা থকাৰ পিছতো আমেৰিকাত প্ৰৱেশৰ পৰা বঞ্চিত
নতুন দিল্লী, ০৯ জুন (হি.স.)। ফিফা বিশ্বকাপৰ মেচ অফিচিয়েলৰ তালিকাত অন্তৰ্ভুক্ত হোৱা ছোমালিয়াৰ ৰেফাৰী ওমৰ আৰ্টানক আমেৰিকাত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হয়। ইয়াৰ ফলত তেওঁৰ দেশৰ পৰা ফুটবলৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতাখনৰ মেচৰ অফিচিয়েট কৰা প্ৰথমজন ৰেফাৰী হোৱা
सोमालिया के रेफरी उमर आर्टन


নতুন দিল্লী, ০৯ জুন (হি.স.)। ফিফা বিশ্বকাপৰ মেচ অফিচিয়েলৰ তালিকাত অন্তৰ্ভুক্ত হোৱা ছোমালিয়াৰ ৰেফাৰী ওমৰ আৰ্টানক আমেৰিকাত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হয়। ইয়াৰ ফলত তেওঁৰ দেশৰ পৰা ফুটবলৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতাখনৰ মেচৰ অফিচিয়েট কৰা প্ৰথমজন ৰেফাৰী হোৱাৰ সপোন চুৰমাৰ হৈ পৰে।

২০২৫ চনত আফ্ৰিকাৰ শ্ৰেষ্ঠ ৰেফাৰী হিচাপে নিৰ্বাচিত হোৱা ওমৰ আৰ্টানক মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰখাই দিয়ে আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষা বিভাগে।

সোমবাৰে জাৰি কৰা এক বিবৃতিত সংস্থাটোৱে কয় যে ৰুটিন পদ্ধতিৰ অংশ হিচাপে আৰ্টানক “অতিৰিক্ত নিৰীক্ষণ”ৰ বাবে ৰখাই দিয়া হৈছিল।

বিবৃতিটোত কোৱা হৈছে যে তদন্তৰ পিছত নিৰ্ণয় কৰা হৈছিল যে বিশ্বকাপৰ ৰেফাৰী হিচাপে ভ্ৰমণ কৰা ব্যক্তিজন পৰীক্ষণৰ উদ্বেগৰ বাবে প্ৰৱেশৰ বাবে অযোগ্য আছিল আৰু তেওঁক আমেৰিকাত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হৈছিল।

এই উদ্বেগ সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই সংস্থাটোৱে।

ফিফা বিশ্বকাপৰ বাবে নিৰ্বাচিত একমাত্ৰ ছোমালিয়াৰ ৰেফাৰী আছিল ওমৰ আৰ্টান। ২০২৫ চনৰ জুন মাহলৈকে আমেৰিকাই সম্পূৰ্ণ ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰা দেশসমূহৰ ভিতৰত ছোমালিয়া অন্যতম যদিও বিশেষ পৰিস্থিতিত কিছুমান ক্ষেত্ৰত ৰেহাই দিয়া হ’ব পাৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰ্টানৰ হাতত বৈধ ভিছা আৰু কূটনৈতিক পাছপ’ৰ্ট দুয়োটা আছিল যদিও আমেৰিকা কৰ্তৃপক্ষই সেইবোৰ প্ৰৱেশৰ বাবে অপৰ্যাপ্ত বুলি গণ্য কৰিছিল।

ছোমালিয়াৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ জ্যেষ্ঠ উপদেষ্টা ছিছাই আডেন আবছিৰে এই সিদ্ধান্তক সমালোচনা কৰে।

এক আনুষ্ঠানিক বিবৃতিত তেওঁ কয় যে, ওমৰ আৰ্টান আফ্ৰিকাৰ অন্যতম সন্মানীয় ৰেফাৰী আৰু সমগ্ৰ ফুটবল সম্প্ৰদায়ৰ সমৰ্থনৰ যোগ্য। তেওঁক আমেৰিকাত প্ৰৱেশৰ পৰা বঞ্চিত কৰা আৰু নিৰ্ধাৰিত মেচত তেওঁক অফিচিয়েটিং কৰাত বাধা দিয়াটো তেওঁৰ বাবে অন্যায়ই নহয়, ফুটবলৰ ন্যায়পৰায়ণতা, দক্ষতা আৰু ক্ৰীড়াবিদৰ নীতিকো ক্ষতিগ্ৰস্ত কৰে।

ইয়াৰ পূৰ্বে ২০২৩ চনৰ আফ্ৰিকা কাপ অৱ নেচনছত অফিচিয়েশ্যন হিচাপে কাম কৰিছিল ওমৰ আৰ্টানে ২০২৫ চনত মহাদেশখনৰ শ্ৰেষ্ঠ ৰেফাৰী হিচাপে নিৰ্বাচিত হৈছিল।

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই এই নতুন ভ্ৰমণ বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে ইৰাণৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ খেলুৱৈসকলে আমেৰিকাত প্ৰৱেশৰ বাবে ভিছা লাভ কৰিছিল যদিও ইৰাণ ফুটবল ফেডাৰেচনে দাবী কৰিছিল যে ইয়াৰ ১৪জন বিষয়া আৰু কৰ্মচাৰীক ভিছাৰ পৰা বঞ্চিত কৰা হৈছে। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ পিছত ফেডাৰেচনে ইয়াক “প্ৰতিশোধমূলক আচৰণ” বুলি অভিহিত কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande