বৰষুণৰ ফলত একেৰাহে দ্বিতীয়বাৰৰ বাবে খেলত বাধা, ২৩ বছৰৰ পাছত কেৰিবিয়ানৰ ভূমিত শ্ৰীলংকাৰ এদিনীয়া শৃংখলা জয়
কিংষ্টন, ০৯ জুন (হি.স.): সোমবাৰে একেৰাহে দ্বিতীয়খন মেচত বৰষুণে বিধিপথালি দিয়ে আৰু ছাবিনা পাৰ্কত ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱা তৃতীয় আৰু অন্তিমখন এদিনীয়া খেলখন এটাও বল নকৰাকৈয়ে পৰিত্যাগ কৰা হৈছিল। ইয়াৰ লগে লগে শ্ৰীলংকাই তিনিখন ম
सबीना पार्क स्टेडियम का ग्राउंड स्टाफ मैदान से पानी को बाहर निकालते


কিংষ্টন, ০৯ জুন (হি.স.): সোমবাৰে একেৰাহে দ্বিতীয়খন মেচত বৰষুণে বিধিপথালি দিয়ে আৰু ছাবিনা পাৰ্কত ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱা তৃতীয় আৰু অন্তিমখন এদিনীয়া খেলখন এটাও বল নকৰাকৈয়ে পৰিত্যাগ কৰা হৈছিল। ইয়াৰ লগে লগে শ্ৰীলংকাই তিনিখন মেচৰ শৃংখলা ১-০ ব্যৱধানত জয়লাভ কৰে।

শৃংখলাৰ প্ৰথমখন মেচত ৪১ ৰানৰ জয় লাভ কৰি শ্ৰীলংকাই নিৰ্ণায়ক অগ্ৰগতি লাভ কৰাৰ বিপৰীতে পৰৱৰ্তী দুখন মেচ বৰষুণৰ বাবে বিঘ্নিত হয়।

মেচৰ বিষয়াসকলে কেইবাবাৰো খেলপথাৰ পৰিদৰ্শন কৰিছিল যদিও কিউৰেটৰৰ সৈতে আলোচনাৰ অন্তত নিৰ্ণয় কৰা হৈছিল যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ২০ অভাৰৰ মেচখন আৰম্ভ কৰাটো সম্ভৱ নহ’ব।

এই জয় শ্ৰীলংকাৰ বাবে ঐতিহাসিক আছিল, কিয়নো দলটোৱে ২৩ বছৰৰ পাছত কেৰিবিয়ানৰ মাটিত এদিনীয়া শৃংখলাত জয়লাভ কৰিছিল। ইয়াৰ পূৰ্বে ২০০৩ চনত ৱেষ্ট ইণ্ডিজত শ্ৰীলংকাই এদিনীয়া শৃংখলাত জয়লাভ কৰিছিল।

নতুন মুখ্য প্ৰশিক্ষক গেৰী কাৰ্ষ্টেন আৰু নতুন অধিনায়ক কুশল মেণ্ডিছৰ বাবে আছিল এক সুন্দৰ আৰম্ভণি। কিন্তু বৰষুণৰ ফলত দলটোৱে মেচ প্ৰেকটিছৰ বিশেষ অনুশীলন কৰিব পৰা নাছিল।

ছিৰিজ জয়ৰ পিছত অধিনায়ক কুশল মেণ্ডিছে কয়, মই শৃংখলা জয় কৰি অতি সুখী। প্ৰথমখন মেচত আমি তিনিওটা বিভাগতে ভাল প্ৰদৰ্শন কৰিলোঁ – বেটিং, বলিং, আৰু ফিল্ডিঙ। পৰৱৰ্তী বিশ্বকাপৰ পূৰ্বে বহু মেচ নাই, গতিকে অধিনায়ক হিচাপে এই প্ৰথমখন ছিৰিজ জয় মোৰ বাবে বিশেষ। প্ৰশিক্ষক কৰ্মচাৰীৰ পৰাও মই সম্পূৰ্ণ সমৰ্থন লাভ কৰিলোঁ।

আনহাতে, ৱেষ্ট ইণ্ডিজৰ বাবে এই ফলাফল হতাশাজনক আছিল। দলটোৱে বাউন্স বেক কৰাৰ সুযোগৰ পৰা বঞ্চিত হৈ তিনি বছৰৰ ভিতৰত ঘৰুৱা ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এদিনীয়া শৃংখলাত পৰাজয়ৰ সন্মুখীন হয়।

এই পৰাজয়ে বিশ্বকাপৰ অৰ্হতাৰ দৌৰতো প্ৰভাৱ পেলাব পাৰে। বৰ্তমান এদিনীয়া ৰেংকিঙত দশম স্থানত থকা ৱেষ্ট ইণ্ডিজ ২০২৭ চনৰ বিশ্বকাপৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰা শীৰ্ষ আঠটা দলৰ বাহিৰত আছে। নিউজিলেণ্ড আৰু ভাৰতৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে ছিৰিজৰ মুখামুখি হ’ব।

ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাই হোপে কয়, বতৰ আমাৰ নিয়ন্ত্ৰণত নাই। প্ৰথমখন মেচত শ্ৰীলংকাই ভাল খেলিছিল আৰু জয়ৰ বাবে কৃতিত্বৰ যোগ্য। এতিয়া আমাৰ গুৰুত্ব টি-২০ শৃংখলাত থাকিব আৰু আমি পৰিস্থিতিৰ লগত খাপ খাব লাগিব।

এতিয়া দুয়োটা দলে টি-২০ ছিৰিজৰ বাবে প্ৰস্তুতি চলাব। ১১ জুনৰ পৰা আৰম্ভ হ’ব তিনিখন মেচৰ টি-২০ শৃংখলা, পৰৱৰ্তী মেচ ১৩ আৰু ১৪ জুনত অনুষ্ঠিত হ’ব। সকলো মেচ কিংষ্টনৰ একেখন খেলপথাৰতে অনুষ্ঠিত হ’ব।

অৱশ্যে আগন্তুক দিনত বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ বাবে খেলপথাৰসমূহ সময়মতে পৰিচালনা কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande