গাই গৰু পালন কৰি স্বাৱলম্বী শিৱসাগৰৰ এগৰাকী মহিলা
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰি পোহপাল দিছে পৰিয়াল।
গাই গৰু পালন কৰি স্বাৱলম্বী শিৱসাগৰৰ এগৰাকী মহিলা


শিৱসাগৰ, ০৯ জুন (হি.স.): শিৱসাগৰ জিলাৰ বৰফুকন গাঁও পঞ্চায়তৰ অন্তৰ্গত হুদুপৰা অভয়পুৰীয়া গাঁৱৰ নিৰু শইকীয়া নামৰ এগৰাকী পৰিশ্ৰমী মহিলাই গাই গৰু পালন কৰি স্বাৱলম্বিতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে । প্ৰতিদিনে নিজেই দঁ পুখুৰী বা নৈত ঘাঁহ কাটি গৰুৰ যত্ন লোৱাৰ পিছত তেওঁ নিজেই এখন চাইকেলেৰে ঘৰে ঘৰে গৈ গাখীৰ বিক্ৰী কৰে । এই ব্যৱসায়ৰ জৰিয়তে তেওঁ কেৱল নিজৰ আয়ৰ উৎস গঢ়ি তোলাই নহয়, পৰিয়ালৰ ভৰণ-পোষণো সুচাৰুৰূপে আগবঢ়াই লৈ গৈছে । ১২ বছৰ পুৰ্ব্বে স্বামী এক জটিল ৰূগত আক্ৰান্ত হোৱাৰ লগতে একমাত্ৰ পুত্ৰ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ ফলতেই তিনিজনীয়া পৰিয়ালটোৰ ভৰণপোষণৰ বাবে গাই গৰু পালনেৰে গাখীৰৰ ব্যৱসায় চলাই আহিছে ।

উল্লেখ্য যে সীমিত সম্পদেৰে আৰম্ভ কৰা এই দুগ্ধ ব্যৱসায়ে আজি তেওঁৰ জীৱনলৈ নতুন আশাৰ সঞ্চাৰ কৰিছে । কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু আত্মবিশ্বাসৰ বলত তেওঁ অঞ্চলটোৰ বহু মহিলাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে । মহিলাগৰাকীয়ে কয় যে, নিয়মীয়া পৰিশ্ৰম আৰু সততাই সফলতাৰ মূল চাবিকাঠি। ভৱিষ্যতে তেওঁ গাই গৰুৰ সংখ্যা বৃদ্ধি কৰি দুগ্ধ উৎপাদন অধিক সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা হাতত লৈছে । পিছে তেঁও লাভ কৰা নাই কোনোধৰণৰ লাভজনক চৰকাৰী আঁচনি।স্থানীয় ৰাইজেও তেওঁৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰাৰ লগতে চৰকাৰৰ পৰা অধিক সহায়-সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনাইছে ।

গাই গৰু পালন আৰু দুগ্ধ বিক্ৰীৰ জৰিয়তে স্বাৱলম্বী হোৱা এই মহিলাই গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰতো এক ইতিবাচক ভূমিকা পালন কৰি আহিছে । নিৰু শইকীয়াৰ কৰ্মৰাজিক লৈ স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা বাৰ্তায়ো প্ৰেৰণ কৰিছে । নিৰু শইকীয়া সকলোৰে বাবে হৈ পৰিছে এক বিৰল নিদৰ্শন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande