
মাজুলী, ০৯ জুন (হি.স.): মাজুলীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । বনকৰ্মীক আক্ৰমণ কৰিবলৈ চোঁচা লয় এটা প্ৰকাণ্ড গঁড়ে । ইয়াৰ ফলত গুলীচালনা কৰিহে কথমপি প্ৰাণ ৰক্ষা পৰে মাজুলী বন বিষয়া আৰু বন কৰ্মীৰ।
উল্লেখ্য় যে মাজুলীৰ মাজৰ চাপৰিৰ বালিগুৰিৰ ঘন জংঘলৰ মাজত বিগত দুটা দিনে এটা গঁড়ে আশ্ৰয় গ্ৰহণ কৰি আছে । উক্ত গঁড়টো মাজুলীৰ বন বিভাগে নিৰাপদ স্থানলৈ খেদি পঠিয়াবলৈ প্ৰয়াস কৰে । এনে অৱস্থাতে বন কৰ্মী আৰু বাহনখনলৈ চোঁচা লৈ আহে গঁড়টোৱে আৰু বাহনখন আক্ৰমণ কৰি দাঙি দিয়ে । ইয়াৰ পাছতে বনকৰ্মীসকলে উপৰ্যুপৰি গুলি চালনা কৰে গঁড়টোক । গুলি চালনা কৰিহে কথমপি প্ৰাণ ৰক্ষা পৰে বন বিষয়া আৰু বন কৰ্মী সকলৰ ।
উল্লেখ্য, খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ে মাজুলীৰ বিভিন্ন চৰ চাপৰিত আশ্ৰয় গ্ৰহণ কৰি আহিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ