ৰঙিয়াত ধাবাত ফটো অৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, ৰঙিয়াৰ পৌৰপতিক আক্ৰমণ,পথ অৱৰোধ ,তিনিজনক আটক
কামৰূপ, ০৯ জুন (হি.স.)। ৰঙিয়াত তীব্ৰ উত্তেজনা। ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে থকা বালাগাওঁৰ ৰুদ্ৰমণি ধাবাত নিশা একাংশ লোকে ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰকে ধৰি চাৰিজনক আক্ৰমণ কৰি আহত কৰা ঘটনাই ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে
ৰঙিয়াত ধাবাত ফটো অৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, ৰঙিয়াৰ পৌৰপতিক আক্ৰমণ,পথ অৱৰোধ ,তিনিজনক আটক


কামৰূপ, ০৯ জুন (হি.স.)। ৰঙিয়াত তীব্ৰ উত্তেজনা। ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে থকা বালাগাওঁৰ ৰুদ্ৰমণি ধাবাত

নিশা একাংশ লোকে ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰকে ধৰি চাৰিজনক আক্ৰমণ কৰি আহত কৰা ঘটনাই ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰকে ধৰি চাৰিজনক আক্ৰমণ কৰি আহত কৰাৰ খবৰ বিয়পি যোৱাৰ লগে লগে আত্মীয় ,বজৰং, বিশ্ব হিন্দু পৰিষদৰ দেৰ শতাধিক কৰ্মীয়ে ৰঙিয়া থানাৰ সন্মুখত আক্ৰমণকাৰীক আটক কৰাৰ দাবীত নিশাই পথ অৱৰোধ কৰাই নহয় ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । এটা সময়ত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত ঠেলা-ঠেলি লগাত আৰক্ষীয়ে লাঠী চালনা কৰিব লগা হয়। প্ৰৱল বৰষুণকো আওকান কৰি

ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰকে ধৰি চাৰিজন বিজেপি কৰ্মীক আক্ৰমণ কৰা ৰুদ্ৰমণি ধাবাৰ স্বত্বাধিকাৰী জয়নুৰ আলী আৰু আক্ৰমণকাৰী সকলক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় থানাৰ সমীপত অৱস্থান কৰি থাকে । পৌৰপতিক আক্ৰমণৰ ঘটনা সন্দৰ্ভত জানিব পৰা মতে ধাবাখনৰ স্বত্বাধিকাৰী জয়নুৰ আলীয়ে ধাবাত হিন্দু ধৰ্মৰ উপাস্য দেৱ দেৱীৰ ফটো আৰি থোৱাক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হোৱাৰ ফলত দলবদ্ধ আক্ৰমণৰ বলি হয় ৰঙিয়া নগৰৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ।

ঘটনাৰ বিষয়ে প্ৰাপ্ত তথ্য অনুসৰি, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰে কিছুদিন পূৰ্বে ধাবাখনত দেৱ দেৱীৰ ফটো আৰি থোৱা প্ৰত্যক্ষ কৰি স্বত্বাধিকাৰী জইনুৰ আলীৰ সৈতে আলোচনাত মিলিত হৈ ফটো কেইখন আঁতৰাবলৈ নিৰ্দেশ দিয়ে । শেহতীয়াকৈ যোৱা নিশা খাদ্য সামগ্ৰী অনাৰ উদ্দেশ্যে পৌৰপতি গৰাকী ধাবাখনত প্ৰৱেশ কৰি পূৰ্বৰ দৰে ফটো সমূহ আৰি ৰখা দৃশ্য প্ৰত্যক্ষ কৰে । পৌৰপতি অমৰেন্দ্ৰ লহকৰে পুনৰ উক্ত বিষয়ৰ অৱতাৰণা কৰাৰ পিছতে সৃষ্টি হয় তীব্ৰ বাদানুবাদ । পিছলৈ হতাহতি হোৱাৰ উপৰি ঘটনাটোত পৌৰপতি অমৰেন্দ্ৰ লহকৰসহ আন কেইবা জনকো প্ৰহাৰ কৰে ধাবাখনৰ স্বত্বাধিকাৰী আৰু একাংশ লোকে। লগতে পৌৰপতিৰ লগত থকা বিজেপি নেতা অঞ্জন ভূঞা আৰু পংকজ কলিতাৰ লগতে আন কেইবাজনকো আক্ৰমণ কৰি আহত কৰে। ৰঙিয়া আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্হিত হৈ পৌৰপতিক আহত অৱস্হাত উদ্ধাৰ কৰি থানালৈ লৈ আহে ।

ইয়াৰ পিছতে ৰঙিয়া থানাৰ সন্মুখত বজৰং দলসহ কেইবাটাও সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। পথ অৱৰোধ কৰি টায়াৰ জ্বলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ প্ৰতিবাদকাৰীয়ে। ধাবা খনৰ মালিক জইনুৰ আলীক আটক কৰাৰ দাবী জনাই একাংশ প্ৰতিবাদকাৰীয়ে থানা চৌহদ উত্তাল কৰি তোলে।

ইয়াৰ উপৰিও থানাৰ সন্মুখৰ পথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই। উক্ত পথ অৱৰোধৰ ফলত ৰাজপথত কেইবাখনো মালবাহী যান-বাহন আৱদ্ধ হৈ পৰে আৰু তীব্ৰ যানজঁটৰ সৃষ্টি হয়। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ ৰঙিয়াত আজি দিনৰ ভাগত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে আৰক্ষীয়ে। বালাগাওত থকা ৰুদ্ৰযণি ধাবাখন আজি দিনৰ ভাগত প্ৰশাসনে ছীল কৰি দিয়ে ।

নিশা সংঘটিত ঘটনাই ৰঙিয়াত এক চেপা উত্তেজনাৰ সৃষ্টি কৰে ।ইফালে ৰঙিয়াৰ ৰুদ্ৰমণি ধাবাৰ স্বত্বাধিকাৰী জয়নুৰ আলীৰ পৰিয়ালে অমৰেন্দ্ৰ লহকৰসহ দলটোৱে জয়নুৰ আলীক মাৰধৰ কৰা বুলি অনা অভিযোগ একে মুখে অস্বীকাৰ কৰে বিজেপি নেতা আহত অঞ্জন ভূঞাই । ৰুদ্ৰমণি ধাবাৰ স্বত্বাধিকাৰী জয়নুৰ আলীৰ পৰিয়াল আৰু একাংশ লোকে আটাইকেইজনকে মাৰধৰ কৰা বুলি বিজেপি নেতা অঞ্জন ভূঞাই সংবাদ মাধ্যমক জানিব দিয়ে । লগতে চিচি টিভি ফুটেজ চালেই জানিব পাৰিব বুলি কয় ।

ইয়াৰ পিছতে আন এটা চিচিটিভি ফুটেজ সাংবাদিকক যোগান ধৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে । য'ত দেখা গৈছে একাংশ লোকে চকীৰে আক্ৰমণ কৰিছে পৌৰপতি অমৰেন্দ্ৰ লহকৰক । আনহাতে ঘটনা সন্দৰ্ভত ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰে এই ঘটনাত জড়িত ৭ জনৰ ওপৰত ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এজাহাৰ গ্ৰহণ কৰাৰ পিছতে কামৰূপ জিলা জেষ্ঠ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাই তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে । লগতে ৩ জনক সোধাপোছৰ বাবে আটক কৰাৰ লগতে আন সকলক বিচাৰি অভিযান অব্যাহত ৰাখিছে । বৰ্তমানলৈ ৰুদ্ৰমণি ধাবাৰ স্বত্বাধিকাৰী জয়নুৰ আলী পলাই থকা বুলি জানিব পৰা গৈছে। ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই সকলোকে শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনায় আৰু দোষীক আটক কৰিবলৈ আৰক্ষীক দাবী জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande