

গুৱাহাটী, ০৯ জুন (হি.স.)। হত্যাকাৰীক ফাঁচীৰ দাবীত ডিমৰীয়াৰ ক্ষেত্ৰী থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ। আৰক্ষী বিষয়া হায় হায় ধ্বনিৰে মুখৰিত কৰিছে স্থানীয় ৰাইজে। ন্যায় বিচাৰি আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদী ৰাইজৰ। অৱশেষত ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাস আৰু এডিচিপি অনুৰাগ শৰ্মাৰ মধ্যস্থতাত ক্ষান্ত হয় প্ৰতিবাদী ৰাইজ।
উল্লেখ্য যে বিগত বৃহস্পতিবাৰে সন্ধিয়া ডিমৰীয়াৰ ঔজাৰিৰ পথাৰত যুৱতী সুস্মিতা মণ্ডলৰ মৃতদেহ উদ্ধাৰৰ পিছতে শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল হত্যাকাণ্ডৰ মূল অভিযুক্ত বিপুল মল্লিকক। বিপুল মল্লিকৰ পৰিয়ালৰ আন সদস্যও হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় জনতাই।
শেষত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ উত্তাল প্ৰতিবাদ ক্ষান্ত কৰে যদিও শীঘ্ৰেই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত অটল থাকে প্ৰতিবাদী জনতা। ইয়াৰ মাজতে কেইবা গৰাকীও প্ৰতিবাদকাৰীক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে আটক কৰে।
উক্ত ঘটনাই পুনৰবাৰ অপৰাধীক এনকাউণ্টাৰৰ প্ৰসংগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / Narayan Kar