
কামৰূপ, ০৯ জুন (হি.স.): এটা বিধস্ত পথৰ বাবে বছৰ বছৰ ধৰি যমৰ যন্ত্ৰণা ভোগ কৰি আহিছে হাজোৰ পথচাৰীসকলেয়ে । হাজো ৰাজহ চক্ৰৰ বুল্লুট বজাৰৰ পৰা কোঁৱৰপুৰ-দক্ষিণ শিঙৰা হৈ নলবাৰী চিকিৎসা মহাবিদ্যালয় সংযোগী পথটোৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে সাধাৰণ পথচাৰীসকলক।
উল্লেখ্য় যে বিগত ৫ বছৰে এইদৰে জৰাজীৰ্ণ হৈ পৰাত পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত । গোটেই পথছোৱাত সৃষ্টি হৈছে পুখুৰী সদৃশ পৰিবেশ । পথটি মেৰামতিৰ বাবে পূৰ্বৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক বহুবাৰ আবেদন জনালে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিলে সুমন হৰিপ্ৰিয়াই। ইফালে নৱ নিৰ্বাচিত বিধায়ক প্ৰকাশ দাসক এই পথটো যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ আহ্বান জনাইছে পথচাৰী তথা স্থানীয় ৰাইজসকলেয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ