
ধেমাজি, ০৯ জুন (হি.স.): জোনাই সমজিলাত প্ৰায় ৩০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পৰ্যটক ভৱনটো বৰ্তমান ভুত বাংলালৈ পৰিণত হৈছে। অঞ্চলটোৰ পৰ্যটন বিকাশৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই গুৰুত্বপূৰ্ণ চৰকাৰী সম্পদটোৰ বৰ্তমানৰ শোচনীয় অৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এজেৱাইচিপিয়ে । জোনাই সমজিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ চূড়ান্ত হেমাহি আৰু উদাসীনতাৰ ফলতেই মুকলি কৰাৰ মাত্ৰ কেইবছৰৰ ভিতৰতে ভৱনটো জহি-খহি যাবলৈ আৰম্ভ কৰিছে । ৰক্ষণাবেক্ষণৰ অভাৱত ভৱনটোৰ বিভিন্ন অংশ জহিখহি যোৱাৰ লগতে ভৱনটোৰ চাৰিওদিশে আৱৰি ধৰিছে ঘন হাবি জংঘলেৰে।
উল্লেখযোগ্য যে, অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইৰ দৰে সম্ভাৱনাময় অঞ্চলত এখন পৰ্যটক ভৱনৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। কিন্তু জনসাধাৰণৰ উপকাৰত ব্যৱহাৰ হ'ব লগা এই সম্পদটোক অৱহেলাৰে পেলাই ৰখাৰ ফলত কোটি টকাৰ চৰকাৰী সম্পদ ধ্বংস কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এজেৱাইচিপৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জ্ঞান শৰ্মাই । ভৱনটোৰ ভিতৰৰ বহু অংশ জহি-খহি যোৱাৰ সমান্তৰালভাৱে একাংশ অসামাজিক লোকৰ আড্ডাস্থলী আৰু কৰ্মক্ষেত্ৰলৈ পৰিণত হোৱাৰো অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে । সেয়ে জোনাই সমজিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি শীঘ্ৰে ভৱনটোৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰি পুনৰ জনসাধাৰণৰ ব্যৱহাৰৰ বাবে উন্মুক্ত কৰাৰ দাবী জনাইছে এজেৱাইচিপিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ