
নতুন দিল্লী, ০৯ জুন (হি.স.)। ওমানৰ মাছিৰহৰ উপকূলত পালাউৰ পতাকা থকা তেল টেংকাৰ এম টি মেৰিভেক্সত বাৰে বাৰে সতৰ্কবাণীক আওকাণ কৰি অৱৰোধ ভংগ কৰাৰ চেষ্টা কৰাৰ বাবে সোমবাৰে আমেৰিকাই ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। অৱশ্যে জাহাজত থকা ২৪ জন ভাৰতীয় নাৱিক আটাইকেইজনেই নিৰাপদ আৰু ওমান কৰ্তৃপক্ষৰ সহায়ত উদ্ধাৰ কৰা হৈছে।
ভাৰতৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সঞ্চালক ওপেশ কুমাৰ শৰ্মাই সংবাদমেলত কয় যে জাহাজখন খালী হৈ আছে আৰু জাহাজখনত ২৪ জন ভাৰতীয় ক্ৰু মেম্বাৰ আছে । সকলো ভাৰতীয় নাৱিক সুৰক্ষিত। ব্লেকলিষ্ট কৰা এই জাহাজখনে বাৰে বাৰে আমেৰিকাৰ নৌসেনাৰ সতৰ্কবাণীক আওকাণ কৰি অৱৰোধ ভংগ কৰাৰ চেষ্টা কৰিছিল। অফিচ অৱ ফৰেইন এচেটছ কণ্ট্ৰল চমুকৈ অ’এফএচিয়ে নিষিদ্ধ কৰা জাহাজৰ তালিকাত আছিল এই জাহাজখন।
খবৰ অনুসৰি, পশ্চিম এছিয়াৰ সংঘাতৰ বাবে বিগত কেইবাদিনো ধৰি এম টি মেৰিভেক্সে আমেৰিকাৰ অৱৰোধ পাৰ হ’বলৈ চাৰিবাৰকৈ চেষ্টা চলাইছিল । তিনিবাৰকৈ সতৰ্কবাণী পোৱাৰ পিছত জাহাজখন পিছুৱাই যায় যদিও ৮ জুনত চতুৰ্থ প্ৰচেষ্টাত ওমানৰ জলসীমা ব্যৱহাৰ কৰি অৱৰোধ ভংগ কৰাৰ চেষ্টা কৰে। এই প্ৰচেষ্টাৰ সময়ত জাহাজখনে ধৰা পৰাৰ পৰা হাত সাৰিবলৈ নিজৰ চিগনেলিং সঁজুলি বন্ধ কৰি দিছিল। বাৰে বাৰে সতৰ্কবাণীক আওকাণ কৰাৰ পিছত আমেৰিকাৰ নৌসেনাই ইউ এছ এছ আব্ৰাহাম লিংকন (চিভিএন ৭২)ৰ পৰা এফ/এ-১৮ ছুপাৰ হৰ্নেট যুদ্ধ বিমান উৎক্ষেপণ কৰি জাহাজখনৰ অভিযান্ত্ৰিক আৰু ষ্টিয়াৰিং অংশত নিখুঁত আঘাত কৰি জাহাজখন ডুবাই পেলায়। আক্ৰমণৰ সময়ত জাহাজখন খালী আছিল আৰু কোনো মাল বোজাই নাছিল ।
ইউ এছ চেণ্ট্ৰেল কমাণ্ডে (চেন্টকম-CENTCOM) এক বিবৃতি প্ৰকাশ কৰি কয় যে যোৱা ৮ জুনত ওমান উপসাগৰত এখন তেল টেংকাৰ ৰখাইছিল আমেৰিকান বাহিনীয়ে। টেংকাৰখনে ইৰাণৰ বন্দৰত উপস্থিত হোৱাৰ চেষ্টা কৰি অৱৰোধ উলংঘা কৰিছিল। যেতিয়া ক্ৰুৱে আমেৰিকাৰ সামৰিক নিৰ্দেশনা মানি নল’লে, তেতিয়া এফ/এ-১৮ ছুপাৰ হৰ্নেট বিমানে জাহাজখনক আক্ৰমণ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া