লামডিঙত আন্তঃৰাষ্ট্ৰীয় লেভেল ক্ৰছিং সজাগতা দিৱস পালন
হোজাই, ০৯ জুন (হি.স.)। লামডিঙত আন্তঃৰাষ্ট্ৰীয় লেভেল ক্ৰছিং সজাগতা দিৱস পালন। আজি আন্তঃৰাষ্ট্ৰীয় লেভেল ক্ৰছিং সজাগতা দিৱস উপলক্ষে লামডিং ৰে''লৱেৰ ছেফটি বিভাগৰ উদ্যোগত বিশেষ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সাধাৰণ ৰাইজক সজাগ আৰু সচেতন কৰাৰ উদ
লামডিঙত আন্তঃৰাষ্ট্ৰীয় লেভেল ক্ৰছিং সজাগতা দিৱস পালন


হোজাই, ০৯ জুন (হি.স.)। লামডিঙত আন্তঃৰাষ্ট্ৰীয় লেভেল ক্ৰছিং সজাগতা দিৱস পালন।

আজি আন্তঃৰাষ্ট্ৰীয় লেভেল ক্ৰছিং সজাগতা দিৱস উপলক্ষে লামডিং ৰে'লৱেৰ ছেফটি বিভাগৰ উদ্যোগত বিশেষ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

সাধাৰণ ৰাইজক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে লামডিঙৰ হুৰ্লংপাৰ ৰে'লৱে লেভেল ক্ৰছিং গেটত স্কাউট-গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে এখন পথ নাট পৰিবেশন কৰে।

লেভেল ক্ৰছিং ব্যৱহাৰৰ সময়ত সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আৰু ৰে'ল সুৰক্ষাৰ বিভিন্ন দিশ এই নাটকৰ জৰিয়তে দাঙি ধৰা হয়।

উক্ত কাৰ্যসূচীত লামডিং ৰে'ল বিভাগৰ জ্যেষ্ঠ ডিএছঅ' (Senior DSO), এ.ডি.এছ.অ' (A.DSO), ছেফটি টীমৰ বিষয়াসকলৰ লগতে বহু স্থানীয় ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande