ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত অনলাইন ৰচনা প্ৰতিযোগিতা
চিৰাং, ০৯ জুন (হি.স.)। ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত অনলাইন ৰচনা প্ৰতিযোগিতাৰ আয়োজন। বিজনীত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে। ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৱে আয়োজন কৰিছে অনলাইন ৰচনা
ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত অনলাইন ৰচনা প্ৰতিযোগিতা


চিৰাং, ০৯ জুন (হি.স.)। ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত অনলাইন ৰচনা প্ৰতিযোগিতাৰ আয়োজন। বিজনীত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে।

ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৱে আয়োজন কৰিছে অনলাইন ৰচনা প্ৰতিযোগিতা। ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ অসম প্ৰদেশৰ সম্পাদক দীপাংকৰ নাহাই সংবাদমেলত ঘোষণা কৰিলে এই কথা।

ৰচনাৰ বিষয়বস্তু আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত সনাতন ধৰ্মীয় শিক্ষাৰ প্ৰয়োজনীয়তা ওপৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা হৈছে এই অনলাইন ৰচনা প্ৰতিযোগিতা। অসমৰ প্ৰতিখন জিলাৰ পৰা প্ৰতিযোগী সকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান সম্পাদক দীপাংকৰ নাহাৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande