ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ছাৱ জুনিয়ৰ শাখাত অসম দলত অন্তভুক্ত যোৰহাটৰ অভিজ্ঞান গগৈ
যোৰহাট, ০৯ জুন (হি.স.)। ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ছাৱ জুনিয়ৰ শাখাত অসম দলৰ হৈ নিৰ্বাচিত হৈছে যোৰহাট চটাইৰ অভিজ্ঞান গগৈ। যোৰহাট জিলাৰ চটাই ঘৰফলীয়া গাঁৱৰ নিবাসী প্ৰয়াত পিতৃ পবিত্ৰ গগৈ আৰু মাতৃ বন্দনা গগৈৰ একমাত্ৰ সন্তান অভিজ্ঞান গগৈ ছাৱ জুন
ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ছাৱ জুনিয়ৰ শাখাত অসম দলত অন্তভুক্ত যোৰহাটৰ অভিজ্ঞান গগৈ


যোৰহাট, ০৯ জুন (হি.স.)। ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ছাৱ জুনিয়ৰ শাখাত অসম দলৰ হৈ নিৰ্বাচিত হৈছে যোৰহাট চটাইৰ অভিজ্ঞান গগৈ।

যোৰহাট জিলাৰ চটাই ঘৰফলীয়া গাঁৱৰ নিবাসী প্ৰয়াত পিতৃ পবিত্ৰ গগৈ আৰু মাতৃ বন্দনা গগৈৰ একমাত্ৰ সন্তান অভিজ্ঞান গগৈ ছাৱ জুনিয়ৰ শাখাত অসম দলৰ হৈ পঞ্জাৱৰ জলন্ধৰত খেলিবলৈ নিৰ্বাচিত হৈ সমগ্ৰ অঞ্চল তথা জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

অভিজ্ঞানে তিতাবৰ স্থিত প্ৰাগজ্যোতিকা চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নবম শ্ৰেণীৰ ছাত্ৰ। উল্লেখ যে পঢ়াৰ সমান্তৰাল ভাৱে মাতৃক এবছৰ আগতে বক্সিংৰ প্ৰতি আকৃষ্ট হৈ অনুৰোধ জনোৱাত প্ৰশিক্ষক গণেশ ৰানাৰ তত্বাবধানত প্ৰশিক্ষণ গঢ়ি আজি ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা লৈ নিৰ্বাচিত হোৱাত মাতৃৰ লগতে অঞ্চলবাসী গৌৰৱান্বিত হৈ পৰিছে। পিতৃৰ দেহাবসান ঘটাৰ পাছৰে পৰা সন্তানক মাতৃ বন্দনা গগৈ য়ে নিজ কৰ্ম উদ্যোমেৰে আগবঢ়ায় নিয়াৰ লগতে মাতৃ বন্দনা গগৈয়ে ইতিমধ্যে সপ্ত - হিন্দু বঁটা, উদ্যোগীক নাৰী ৰত্ন বঁটা পাবলৈ সক্ষম হৈছে। এতিয়া অভিজ্ঞানে ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা জিলিকি উঠি অসম তথা যোৰহাট জিলা খনলৈ সু– নাম কঢ়িয়াই আনিবলৈ আশা কৰিছে অঞ্চলবাসীয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande