
নগাঁৱ, ০৯ জুন (হি.স.)। নগাঁৱ জিলাত কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ূষ হাজৰিকা বৈঠকত মিলিত হয়। নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলাৰ বিধায়ক সকল আৰু জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয়। নগাঁও জিলাৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা অভিভাৱক মন্ত্ৰী গৰাকীৰ।
নগাঁও জিলাক আৰু অধিক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা। কৃষি, জলসিঞ্চন তথা কৃষকৰ বাবেও ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰাৰ ইংগিত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু