
হোজাই, ০৯ জুন (হি.স.)। হোজাই জিলাত আৰম্ভ হব লগা বিভিন্ন উন্নয়নমুলক প্ৰকল্পৰ বিষয়ে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া আৰু জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হই মন্ত্ৰী পিজুষ হাজৰিকা। হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত উপস্থিত অৱিভাবক মন্ত্ৰী পিজুষ হাজৰিকা।
হোজাই জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাক্ষকত হোজাই জিলাৰ সকলো বিভাগৰ বিষয় ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। সভাত সকলো বিভাগৰ বিষয়া আৰু আয়ুক্তৰ লগতে লামডিং সমষ্টিৰ বিধায়ক শিৱু মিশ্ৰ আৰু হোজাই জিলাৰ বিধায়ক শিলাদিত্য দেৱ উপস্থিত থাকে।
বিভাগীয় বিষয়াৰ কামৰ খতিয়ান লৈ অতি তৎপৰতাৰে কাম সমূহ আৰম্ভ কৰাৰ কথা সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু