
শিৱসাগৰ, ০৯ জুন (হি.স.)। অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰিয়েই শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে জিলা খনৰ মূল সমস্যা সমূহৰ বিষয়ে পৰ্যালোচনা কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমূহ দায়িত্ব সহকাৰে পালন কৰিবৰ বাবে চৰকাৰী বিষয়া সকলক আহ্বান।শিৱসাগৰত অসম চৰকাৰৰ কেবিনেট তথা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ সংবাদমেল।
জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা সভাৰ অন্তত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী গৰাকীয়ে।
জিলা খনত চলি থকা চৰকাৰী আচনি সমূহৰ বুজ লোৱাৰ লগতে লেহেমীয়া গতিত চলি থকা চৰকাৰী আচনি আৰু উন্নয়নমূলক কামকাজ সমূহ দ্ৰুত গতিত চলাবৰ বাবে প্ৰশাসনিক বিষয়া সকলক আহ্বান জনায়। চৰকাৰী আঁচনিৰ জৰিয়তে কৃষক সকলৰ কেনেদৰে উন্নয়ন সাধন কৰিব পাৰি তাৰ বিষয়ে জিলা কৃষি ,জলসিঞ্চন বিভাগৰ বিষয়া সকলৰ সৈতে পৰ্যালোচনা কৰে মন্ত্ৰী বিমল বৰাই।
মহিলা উদ্যমিতা আচনিৰ জৰিয়তে উপকৃত হোৱা মহিলা সকল আৰু নিবনুৱা যুৱক সকলক চৰকাৰে প্ৰদান কৰা দুই লাখ টকাৰে পশুপালনৰ জৰিয়তে স্বাৱলম্বী হোৱা যুৱক আৰু মহিলা সকলক পশু চিকিৎসা বিভাগে তৎকালীন সহায় আগবঢ়াব পৰাকৈ শিৱসাগৰ জিলা আয়ুক্ত গৰাকীক এটা পৰ্টেল খোলাৰ বাবে নিৰ্দেশ দিয়ে মন্ত্ৰী বিমল বৰাই।
বাৰিষা জিলা খনত সাম্ভাৱ্য বানাক্ৰান্ত অঞ্চল সমূহত সাহাৰ্য্য আগবঢ়াব পৰাকৈ জিলা প্ৰশাসনক সাজু থাকিবৰ বাবে আহ্বান জনাই মন্ত্ৰী বিমল বৰাই।
জিলা খনত নিৰ্মাণ সম্পূৰ্ণ হোৱা নাইবা নিৰ্মাণৰত অৱস্থাত থকা পথসমূহ আৰু চৰকাৰী আঁচনিৰ জৰিয়তে নিৰ্মাণ কাৰ্য্য চলি থকা চৰকাৰী গৃহ সমূহ আঁসোৱাহ নথকাকৈ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰিবৰ বাবে প্ৰতি সপ্তাহতে এখন পৰ্যালোচনা সভা কৰিবৰ বাবে লোক নিৰ্মাণ বিভাগৰ গৃহ আৰু পথ দুয়োটা দপ্তৰকে নিৰ্দেশ দিয়ে।
নিজাববীয়াকৈ খাদ্য উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হোৱা ব্যক্তি বা মহিলাক এখন বজাৰ সাজু কৰি দিয়াৰ লগতে কোনো অসুবিধাত পৰিলে জিলা প্ৰশাসনক সহায় কৰিবৰ বাবে আহ্বান জনাই। নাজিৰাত বন্ধ হৈ পৰা পৰ্ক প্ৰচেছিং ইউনিট পুনৰ সক্ষম কৰি তুলিবৰ বাবে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান মন্ত্ৰী বিমল বৰাৰ।
সংবাদমেলত মন্ত্ৰী বিমল বৰাক সংগ প্ৰদান কৰে নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক ময়ুৰ বৰগোঁহাইয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু