
নতুন দিল্লী, ০৯ জুন (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ১০-১১ জুনত বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ আনুষ্ঠানিক ভ্ৰমণলৈ কৰিব ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ১০ জুনত বুলগেৰিয়া ভ্ৰমণ কৰিব । ছোফিয়া ভ্ৰমণৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে বুলগেৰিয়াৰ নেতৃত্বৰ সৈতে সাক্ষাৎ কৰিব আৰু সমকক্ষৰ সৈতে আলোচনা কৰিব।
ইফালে ১১ জুনত ফিনলেণ্ড ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে । তেওঁ এখন পৰিৱৰ্তিত বিশ্ব: বিশ্বব্যাপী, আঞ্চলিক আৰু স্থানীয় দৃষ্টিভংগী শীৰ্ষক ১৪ সংখ্যক কুলটাৰান্টা আলোচনাত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে তেওঁৰ সমকক্ষ আৰু ফিনলেণ্ডৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ