মানকাচৰৰ কানাইমাৰাত বিদ্যুৎস্পৃষ্ট হৈ মহৰ মৃত্যু
মানকাচৰ, ০৯ জুন (হি.স.)। মানকাচৰৰ কানাইমাৰাত বিদ্যুৎস্পৃষ্ট হৈ মহৰ মৃত্যু, ক্ষতিপূৰণৰ দাবীত ৰাইজ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ কানাইমাৰা গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এটা মহৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃ
মানকাচৰৰ কানাইমাৰাত বিদ্যুৎস্পৃষ্ট হৈ মহৰ মৃত্যু


মানকাচৰ, ০৯ জুন (হি.স.)। মানকাচৰৰ কানাইমাৰাত বিদ্যুৎস্পৃষ্ট হৈ মহৰ মৃত্যু, ক্ষতিপূৰণৰ দাবীত ৰাইজ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ কানাইমাৰা গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এটা মহৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, সামান্য বৰষুণৰ সৈতে অহা প্ৰবল বতাহত বিদ্যুৎ পৰিবাহী এটা তাৰ ছিঙি পথৰ ওপৰত পৰে।

এই ঘটনাত একাধিক স্থানীয় লোক কথমপি বিপদৰ পৰা ৰক্ষা পৰে যদিও ছিঙি পৰা বিদ্যুৎৰ তাৰত লাগি এটা প্ৰকাণ্ড মহৰ ঘটনাস্থলীতে মৃত্যু হয়।

মহটোৰ মৃত্যুৰ ফলত দুখীয়া গৰাকী মালিকে যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে। ঘটনাৰ পিছতে স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে।

ৰাইজৰ অভিযোগ অনুসৰি, বিদ্যুৎ পৰিবাহী তাৰসমূহৰ নিয়মীয়া পৰিদৰ্শন আৰু মেৰামতিৰ ক্ষেত্ৰত বিভাগে অধিক সতৰ্কতা অৱলম্বন কৰিলে এনে ঘটনা এৰাব পৰা গ’লহেঁতেন।

ইফালে, মৃত্যু হোৱা মহটোৰ উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande