
ইম্ফল, ০৯ জুন (হি.স.)। মণিপুৰত শেহতীয়াকৈ সাম্প্ৰদায়িক উত্তেজনাৰ মাজত এক উল্লেখযোগ্য পৰিঘটনাত মঙলবাৰে ১৪ জন কুকি বন্দীক মুকলি কৰি সেনাপতি জিলা প্ৰশাসনক গতাই দিয়া হয়। সংযুক্ত নগা পৰিষদ (ইউএনচি) হস্তক্ষেপত তেওঁলোকৰ মুক্তি সম্ভৱ হৈ উঠিছিল।
ইউএনচিৰ এজন বিষয়ববীয়াই কয় যে মানৱীয় ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ লগতে কয় যে এই পদক্ষেপে সাংস্কৃতিক পৰম্পৰা, মানৱ অধিকাৰ, সংগ্ৰামৰ নৈতিক নীতিক সন্মান জনোৱাৰ প্ৰতি নগা সম্প্ৰদায়ৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
ইউএনচিৰ তথ্য অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে নিৰুদ্দেশ হোৱা ছয়জন নগা পণবন্দীক বিচাৰি উলিওৱাৰ প্ৰচেষ্টাৰ আশ্বাস দিয়ে। তদুপৰি বিভিন্ন খ্ৰীষ্টান সংগঠন আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ আবেদনেও কুকি বন্দীসকলক মুক্তিৰ বাট মুকলি কৰি দিলে।
পৰিষদে উল্লেখ কৰে যে মণিপুৰ চৰকাৰেও আশ্বাস দিছে যে নিৰুদ্দেশ হোৱা ছয়জন নগা পণবন্দীসকলৰ অৱস্থা জানিবলৈ আৰু তেওঁলোকৰ নিৰাপদে ঘূৰি অহাটো নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত থাকিব।
কোটলে অঞ্চলত সংঘটিত হোৱা মাৰাত্মক আক্ৰমণৰ পিছত ১৩ মে’ৰ পৰা আৰম্ভ হৈছিল পণবন্দী সংকট। অভিযোগ অনুসৰি লেইলন ভাইফেই অঞ্চলত কাংপোকপি জিলাৰ কনছাখুল গাঁৱৰ ১৮ জন নগাক কুকি গোটে পণবন্দী কৰি লৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নগা সংগঠনে আটক কৰে ২৮জন কুকিক।
পৰৱৰ্তী সময়ত দুয়োটা সম্প্ৰদায়ৰ মাজত হোৱা আলোচনাৰ ফলত কেইবাজনো বন্দীক মুকলি কৰি দিয়া হয় যদিও ছয়জন নগা পণবন্দী আৰু ১৪জন কুকি বন্দী জিম্মাত আছিল। ইয়াৰ পূৰ্বে ইউএনচিয়ে কুকি বন্দীসকলক মুকলি কৰি দিয়াৰ চেষ্টা চলাইছিল যদিও নগা সম্প্ৰদায়ৰ একাংশ শ্ৰেণীৰ বিৰোধিতাৰ বাবে এই কাম পিছুৱাই দিয়া হয়।
মঙলবাৰে মুকলি কৰি দিয়া ১৪জন কুকি বন্দীক সেনাপতি জিলা প্ৰশাসন আৰু সেনাপতি থানাক গতাই দিয়ে। অৱশ্যে নিৰুদ্দেশ হোৱা ছয়জন নগা পণবন্দী সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট তথ্য ওলোৱা নাই আৰু তেওঁলোকক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া