মনিপুৰত বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ,কেইবাজনো উগ্ৰপন্থীকো গ্ৰেপ্তাৰ
চূৰাচান্দপুৰ, ০৯ জুন (হি.স.)। মনিপুৰত বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ,কেইবাজনো উগ্ৰপন্থীকো গ্ৰেপ্তাৰ। অশান্ত জৰ্জৰ মনিপুৰত উগ্ৰপন্থী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে। লগতে
মনিপুৰত বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ,কেইবাজনো উগ্ৰপন্থীকো গ্ৰেপ্তাৰ


চূৰাচান্দপুৰ, ০৯ জুন (হি.স.)। মনিপুৰত বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ,কেইবাজনো উগ্ৰপন্থীকো গ্ৰেপ্তাৰ।

অশান্ত জৰ্জৰ মনিপুৰত উগ্ৰপন্থী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই নিৰাপত্তা বাহিনীয়ে

বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে। লগতে

কেইবাজনো উগ্ৰপন্থীকো গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।

চূৰাচান্দপুৰ আৰু উখ্ৰুল জিলা সহ মণিপুৰৰ উপত্যকা আৰু পাহাৰীয়া জিলাসমূহত একাধিক যৌথ অভিযান চলাই নিৰাপত্তা বাহিনীয়ে জব্দ কৰে এই বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ সমুহ। অভিযান কালত ৪টা একে ৪৭ ,

১টা ইনচাছ( INSAS), ১টা এছ এল আৰ (SLR), ১১টা চিংগল বেৰেল গান, ৯টা পিষ্টল,

১টা এম-৭৯ গ্ৰেনেড লঞ্চাৰ, ১৩টা গ্ৰেনেড, বিভিন্ন অস্ত্ৰসস্ত্ৰৰ

৪০০তকৈও অধিক সক্ৰিয় গুলী, ৪টা ৰেডিঅ’ চেট সহ বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে ৮টা আই ই ডি (IED) ধ্বংস কৰি ভয়ংকৰ কুতাঘাতৰ পৰা ৰক্ষা কৰে মনিপুৰৰ বিভিন্ন অঞ্চল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande