মাগুৰমাৰী কলবাৰী হাইস্কুলৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন
তামুলপুৰ, ০৯ জুন (হি.স.)। মাগুৰমাৰী কলবাৰী হাইস্কুলৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন। সাংবিধানিক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বিদ্যালয় খনত অনুষ্ঠিত হয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। তামুলপুৰ জিলাৰ নাওকাটাৰ মাগুৰমাৰী কলবাৰী হাইস্কুলৰ ২০২৬-২৭ বৰ্ষৰ
মাগুৰমাৰী কলবাৰী হাইস্কুলৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন


তামুলপুৰ, ০৯ জুন (হি.স.)। মাগুৰমাৰী কলবাৰী হাইস্কুলৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন। সাংবিধানিক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বিদ্যালয় খনত অনুষ্ঠিত হয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। তামুলপুৰ জিলাৰ নাওকাটাৰ মাগুৰমাৰী কলবাৰী হাইস্কুলৰ ২০২৬-২৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আজি বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয়।

প্ৰথমবাৰৰ বাবে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে সিদ্ধান্ত গ্ৰহণ কৰি বিদ্যালয় খনত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাত উৎফুল্লিত হৈ পৰে ছাত্ৰ ছাত্ৰী সকল। নৱম আৰু দশম শ্ৰেণীত মুঠ ১৩০ গৰাকী শিক্ষাৰ্থীৰ প্ৰতি গৰাকীয়ে অধিক উৎসাহ আৰু গুৰুত্ব সহকাৰে ভোট দান কাৰ্যত অংশ গ্ৰহণ কৰি ছাত্ৰ একতা সভা খনত যোগ্য প্ৰতিনিধি নিৰ্বাচিত কৰে।

নিৰ্বাচনত মুঠ ৭ টা পদত শিক্ষাৰ্থী সকলৰ ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদন্দ্বিতা আগবঢ়াইছিল আৰু ইয়াৰ ভিতৰত সাধাৰণ সম্পাদিকা পদত নিৰ্বাচিত হয় অস্মিতা ৰাজবংশী । সহকাৰী সাধাৰণ সম্পাদক পদত ধৰমছা বড়ো । ক্ৰীড়া সম্পাদক হিচাবে নকুল বড়ো । সমাজ সেৱা বিভাগত শিখামণি বড়ো ।সাহিত্য আৰু আলোচনা বিভাগত পাৰ্বতী কুমাৰ ।

পুথিভঁৰাল বিভাগত ইন্দ্ৰজিৎ শৰ্মা আৰু সাংস্কৃতিক বিভাগৰ সম্পাদক হিচাপে অংকিতা কলিতাই বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় । বিদ্যালয় খনৰ প্ৰধান শিক্ষক তপেশ্বৰ কলিতাই পৰিচালনা কৰা সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ৰিটাৰ্ণিং বিষয়া শিক্ষক হেমন্ত দাস, চেক্টৰ বিষয়া শুকুৰাম বড়ো, প্ৰিজাইডিং আৰু পোলিং বিষয়া হিচাপে ক্ৰমে শিক্ষক মনেশ্বৰ বড়ো, ভণীতা নাথ আৰু কৃষ্ণ কান্ত বড়োই সহযোগিতা কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande