

গুৱাহাটী, ০৯ জুন (হি.স.)। ক্ষেত্ৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। যুৱতী সুস্মিতা মণ্ডল হত্যাকাণ্ডৰ মূল অভিযুক্ত বিপুল মল্লিকক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত ঔজাৰীৰ ৰাইজে উত্তপ্ত কৰি তোলে ক্ষেত্ৰী থানা চৌহদ।
বিগত বৃহস্পতিবাৰে গাঁও ডিমৰীয়াৰ পথাৰৰ পৰা উদ্ধাৰ হৈছিল সুস্মিতা মণ্ডলৰ মৃতদেহ। ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতে ক্ষেত্ৰী আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে হত্যাকাণ্ডৰ মূল অভিযুক্ত বিপুল মল্লিকক।
ইফালে, আৰক্ষীৰ সন্মুখত অভিযুক্তই অনুশোচনাহীনভাৱে দিয়া স্বীকাৰোক্তিয়ে ক্ষোভৰ জুই আৰু অধিক জ্বলন্ত কৰি তোলে। ফলত আজি শতাধিক স্থানীয় ৰাইজ ক্ষেত্ৰী আৰক্ষী থানাৰ সন্মুখত সমবেত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে অভিযুক্তৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি নিশ্চিত কৰাৰ দাবী জনাই শ্ল'গানেৰে উত্তাল কৰি তোলে থানা চৌহদ। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোত এতিয়াও অব্যাহত আছে উত্তেজনাপূৰ্ণ পৰিস্থিতি।
হিন্দুস্থান সমাচাৰ / Narayan Kar