কামৰূপ (ম)জিলাৰ বিভিন্ন বিভাগৰে নিউ গুৱাহাটী সমষ্টিৰ বিধায়কৰ পৰ্যালোচনা
গুৱাহাটী,০৯ জুন (হি.স.)। নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাৰ অধ্যক্ষতাত আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বৈঠকত নিউ গুৱাহাটী সমষ্টিৰ অধীনত থকা বিভিন্ন বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ
কামৰূপ (ম)জিলাৰ বিভিন্ন বিভাগৰে  নিউ গুৱাহাটী সমষ্টিৰ বিধায়কৰ পৰ্যালোচনা


গুৱাহাটী,০৯ জুন (হি.স.)। নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাৰ অধ্যক্ষতাত আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বৈঠকত নিউ গুৱাহাটী সমষ্টিৰ অধীনত থকা বিভিন্ন বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয় ।

গুৱাহাটী পৌৰ নিগম, জল বোৰ্ড, জিলা সমাজ কল্যাণ বিষয়া, লোকনিৰ্মাণ বিভাগ, উদ্যোগ আৰু বাণিজ্যিক বিভাগ, জল সম্পদ, ৰাষ্ট্ৰীয় স্বাস্হ্য মিছন, সমগ্ৰ শিক্ষা মিছন আদি বিভাগসমূহে নিজ নিজ বিভাগৰ কাম-কাজৰ খতিয়ান দাঙি ধৰে । সমান্তৰালভাৱে সংশ্লিষ্ট বিভাগসমূহৰ কাম-কাজসমূহ পৰ্যালোচনা কৰা হয় । বিধায়কগৰাকীয়ে বিষয়া-কৰ্মচাৰীসকলক নিষ্ঠা আৰু দায়বদ্ধতাৰে জনসেৱাৰ কামত মনোনিবেশ কৰিবলৈ আহ্বান জনায় ।

আজিৰ এই বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জিলা আয়ুক্ত স্বপ্নীল পাল, জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, নিউ গুৱাহাটী সম জিলা আয়ুক্ত অৰুন্ধতী নৰহ মিপুণ, গুৱাহাটী ৰাজহ চক্ৰ বিষয়া মনোজ কুমাৰ দত্ত, সহকাৰী আয়ুক্ত হেমপ্ৰভা কলিতা, গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande