


নতুন দিল্লী, ০৯ জুন (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে কাৰ্গিলৰ মিনামাৰ্গত জোজিলা সুৰংগ প্ৰকল্পৰ মূল সুৰংগ ব্ৰেকথ্ৰু পৰিদৰ্শন কৰে। এই উপলক্ষে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা,কে ধৰি বিষয়াসকল উপস্থিত থাকে।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে উল্লেখ কৰিছে যে জোজিলা সুৰংগ প্ৰকল্পত বাল্টলৰ পৰা মিনামাৰ্গলৈকে প্ৰায় ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুমুখীয়া সুৰংগ নিৰ্মাণ কৰা হৈছে। ₹৬,৮০০ কোটি ব্যয়ৰে বিকশিত এই প্ৰকল্পটো এছিয়াৰ আটাইতকৈ দীঘল সুৰংগ। ২৯০০ৰ পৰা ৩৩১০ মিটাৰ উচ্চতাত নিৰ্মিত এই সুৰংগটোৱে কঠিন বতৰ আৰু জটিল ভূতাত্ত্বিক পৰিস্থিতিৰ মাজতো ভাৰতীয় অভিযান্ত্ৰিক ক্ষমতাৰ উদাহৰণ দাঙি ধৰে।
গাডকাৰীয়ে কয় যে সুৰংগটোত যাত্ৰীৰ সুবিধা আৰু সুৰক্ষাৰ বাবে আধুনিক বায়ু চলাচল ব্যৱস্থা, স্বয়ংক্ৰিয় জুই ধৰা পেলোৱা, চিচিটিভি চোৱাচিতা, আৰু পথচাৰীৰ ক্ৰছ-পেছেজৰ ব্যৱস্থা থাকিব। সুৰক্ষাৰ বাবে কাট-এণ্ড-কভাৰ ছেকচন, দলং, কালভাৰ্ট, স্নো গেলেৰী, কেচ ডেম, আৰু হিমস্খলন সুৰক্ষাৰ গঠন আদিও নিৰ্মাণ কৰা হৈছে।
গাডকাৰীয়ে উল্লেখ কৰে যে এই প্ৰকল্পৰ জৰিয়তে স্থানীয় লোকসকলৰ বাবে কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক সুযোগৰ সৃষ্টি হ’ব। সৰ্ববতৰৰ সংযোগে আঞ্চলিক উন্নয়ন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰিব। তেওঁ ইয়াক ভাৰতৰ আন্তঃগাঁথনি যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অধ্যায় বুলি অভিহিত কৰে।
এই সুৰংগ নিৰ্মাণৰ ফলত সোণামাৰ্গৰ পৰা মিনামাৰ্গলৈ যাতায়তৰ সময় দুঘণ্টাৰ পৰা মাত্ৰ ৩০ মিনিটলৈ হ্ৰাস পাব। ইয়াৰ ফলত সময় আৰু ইন্ধন ৰাহি হ’ব, দুৰ্ঘটনা আৰু হিমস্খলনৰ আশংকা হ্ৰাস পাব, পৰ্যটন আৰু বাণিজ্য বৃদ্ধি পাব। এই প্ৰকল্পৰ জৰিয়তে ভাৰতীয় সেনাৰ গতিবিধি আৰু লজিষ্টিক অধিক ক্ষীপ্ৰ আৰু নিৰাপদ হ’ব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ