
নতুন দিল্লী, ০৯ জুন (হি.স.)। দেশজুৰি উন্নত ভাৰত জী ৰাম জী আঁচনি ১ জুলাইৰ পৰা ৰূপায়ণ কৰা হ'ব। মঙলবাৰে গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ৯৫,৬৯২ কোটি ₹ৰ অন্তৱৰ্তীকালীন আবণ্টন মুকলি কৰে। ইতিমধ্যে মনৰেগা (MNREGA)ৰ অধীনত ₹৩০,০০০ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰ ফলত এই আঁচনিৰ মুঠ ধন ₹১.২৫ লাখ কোটিৰ ওপৰত হ’ব। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে মঙলবাৰে গ্ৰামোন্নয়ন মন্ত্ৰালয়ত ৰাজ্যৰ গ্ৰামোন্নয়ন মন্ত্ৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী চন্দ্ৰশেখৰ পেম্মাছামীয়েও এই বৈঠকত অংশগ্ৰহণ কৰে।
বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে সংবাদমেলত অৱগত কৰে যে কেন্দ্ৰীয় চৰকাৰে জি ৰাম জীৰ বাবে ১.২৫ লাখ কোটি টকা আবণ্টন দিছে। এই ধনৰাশি সমগ্ৰ দেশৰ প্ৰায় ২.৮০ লাখ গ্ৰাম পঞ্চায়তত উপনীত হ’ব, যাৰ ফলত প্ৰতিখন পঞ্চায়তক লাখ লাখ টকাৰ ধন প্ৰদান কৰা হ’ব। এই ধনৰাশি আইনৰ বিধান অনুসৰি চিনাক্তকৃত উন্নয়নমূলক কামৰ বাবে ব্যৱহাৰ কৰা হ’ব, নিয়োগ সৃষ্টি আৰু গ্ৰাম্য সম্পত্তিৰ সৃষ্টি নিশ্চিত কৰা হ’ব।
তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে কেৱল ধন প্ৰদান কৰাই নহয়, সময়মতে মজুৰি প্ৰদান, শ্ৰমিকৰ অধিকাৰ সুৰক্ষা, উন্নয়নৰ কামত কোনো ধৰণৰ ব্যাঘাত নপৰাটোও নিশ্চিত কৰিছে। তেওঁ ৰাজ্যসমূহক পৰ্যাপ্ত সংখ্যক কামৰ বাবে পূৰ্ব অনুমোদন দিবলৈ আহ্বান জনায় যাতে ১ জুলাইৰ পৰা কাম দ্ৰুতগতিত আৰম্ভ হ’ব পাৰে। তেওঁ উল্লেখ কৰে যে ইতিমধ্যে ২৬খন ৰাজ্যই উন্নত ভাৰত - গ্ৰাম্য ভাৰতৰ লক্ষ্য অনুসৰি বাজেটত বিত্তীয় ব্যৱস্থা কৰিছে, আনহাতে ঝাৰখণ্ড, কৰ্ণাটক, তেলেংগানা, আৰু মিজোৰামক এই প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে। এই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ পত্ৰ লিখি অধিসূচনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰীয়ে উল্লেখ কৰে যে গ্ৰাম পঞ্চায়ত আৰু গ্ৰাম সভাৰ জৰিয়তে কাম নিৰ্বাচন কৰা হ’ব, আৰু এই প্ৰস্তাৱসমূহৰ ভিত্তিত চূড়ান্ত কৰা হ’ব। লগতে তেওঁ ৰাজ্যসমূহক আহ্বান জনায় যে ১ জুলাইৰ ভিতৰত এমএনৰেগাৰ অধীনত কৰ্মসংস্থাপন আৰু মজুৰি প্ৰদানৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ হ্ৰাস বা ব্যাঘাত নঘটে।
কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে উল্লেখ কৰে যে এই পদক্ষেপ কেৱল এক আঁচনি নহয়, বৰঞ্চ উন্নত ভাৰতৰ লক্ষ্যৰ দিশত উন্নত গাঁও সৃষ্টিৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। ইয়াৰ সফলতা নিৰ্ভৰ কৰিব ৰাজ্যসমূহৰ প্ৰতিশ্ৰুতি, প্ৰস্তুতি, আৰু সক্ৰিয় অংশগ্ৰহণৰ ওপৰত।
অহা ২৮ আৰু ২৯ জুনত দিল্লীৰ পুছা ইনষ্টিটিউটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন সন্মিলনত সকলো ৰাজ্যকে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়, য’ত এই আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া