মৎস্য ভেজালকাৰীক লৈ কঠোৰ হাজো -শুৱালকুছিৰ নৱ নিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাস
কামৰূপ, ০৯ জুন (হি.স.)। মৎস্য ভেজালকাৰীক লৈ কঠোৰ হাজো -শুৱালকুছিৰ নৱ নিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাস । হাজো -শুৱালকুছিৰ সুস্বাদু মাছ কোনেও ভেজাল কৰিব নোৱাৰিব । কামৰূপত প্ৰায় ৩১ হাজাৰ মৎস্য পালক আছে যদিও এচাম অসাধু মৎস্য ব্যৱসায়ীয়ে অধিক ল
মৎস্য ভেজালকাৰীক লৈ কঠোৰ হাজো -শুৱালকুছিৰ নৱ নিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাস


কামৰূপ, ০৯ জুন (হি.স.)। মৎস্য ভেজালকাৰীক লৈ কঠোৰ হাজো -শুৱালকুছিৰ নৱ নিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ

দাস । হাজো -শুৱালকুছিৰ সুস্বাদু মাছ কোনেও ভেজাল কৰিব নোৱাৰিব ।

কামৰূপত প্ৰায় ৩১ হাজাৰ মৎস্য পালক আছে যদিও এচাম অসাধু মৎস্য ব্যৱসায়ীয়ে অধিক লাভৰ আশাত মাছৰ ভেজালকৰণ কৰি আহিছে । এই দুষ্কাৰ্য অতি সোনকালে বন্ধ হ'ব লাগিব ।

জৰিমনাৰ লগতে জেলৰ ভাত পৰ্যন্ত খাৱ লাগিব এনেবোৰ অসাধু ব্যৱসায়ী । আজি আমিনগাঁও লোক নিৰ্মাণ বিভাগৰ অতিথি শালাত কামৰূপ জিলা মীন বিভাগৰ লগত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

সভাত কামৰূপ জিলাত চলি থকা মীন বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে বিধায়কক অৱগত কৰে জিলা মীন উন্নয়ন বিষয়া ড'সঞ্জয় শৰ্মাই । বিষয়া জনে কামৰূপত চলি থকা প্ৰায় ১০ খন আঁচনিৰ জৰিয়তে মীন পালক সকল কেনেধৰণে উপকৃত হৈছে এই সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে ।

উল্লেখ্য ,কামৰূপ জিলাই বছৰি ৪২ হাজাৰ মেট্ৰিক টন মাছ উৎপাদন কৰি ইতিমধ্যে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে । তাৰমাজতে বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ কঠোৰ নিৰ্দেশে অসাধু ব্যৱসায়ী সকলক কেনেদৰে নিয়ন্ত্ৰণ কৰে সেয়া লক্ষণীয় হ'ব ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande