ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ তিনিখন প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ ভাৰতত মুকলি কৰিব কেম্পাছ, শিক্ষা মন্ত্ৰালয়ৰ অনুমোদন
নতুন দিল্লী, ০৯ জুন (হি.স.)। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ অধীনত উচ্চ শিক্ষাৰ আন্তৰ্জাতিককৰণৰ দিশত আন এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি তিনিখন প্ৰতিষ্ঠিত বিদেশী বিশ্ববিদ্যালয়ক ভাৰতত কেম্পাছ স্থাপনৰ বাবে অনুমোদন জনাইছে। ক
केंद्रीय शिक्षा मंत्री धर्मेंद्र प्रधान मंगलवार को यूनिवर्सिटी ऑफ ब्रिस्टल, यूनिवर्सिटी ऑफ यॉर्क और यूनिवर्सिटी ऑफ न्यू साउथ वेल्स को स्वीकृति पत्र सौंपे जाने के दौरान


নতুন দিল্লী, ০৯ জুন (হি.স.)। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ অধীনত উচ্চ শিক্ষাৰ আন্তৰ্জাতিককৰণৰ দিশত আন এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি তিনিখন প্ৰতিষ্ঠিত বিদেশী বিশ্ববিদ্যালয়ক ভাৰতত কেম্পাছ স্থাপনৰ বাবে অনুমোদন জনাইছে।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, উচ্চ শিক্ষা বিভাগৰ সম্পাদক আৰু ইউজিচিৰ অধ্যক্ষ ড০ বিনীত যোশীয়ে উপস্থিতিত ব্রিষ্টল বিশ্ববিদ্যালয়, ইয়র্ক বিশ্ববিদ্যালয়, নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ক অনুমোদন পত্ৰ (এল অ’ পি) প্ৰদান কৰে।

এই উপলক্ষে ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে ভাৰতত এই বিশ্ববিদ্যালয়সমূহে কেম্পাছ স্থাপন কৰাটো ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ শিক্ষাৰ আন্তৰ্জাতিককৰণৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ কয় যে ইয়াৰ ফলত দেশত গুণগত শিক্ষা, বিশ্ব শৈক্ষিক অংশীদাৰিত্ব, আৰু গৱেষণামূলক সহযোগিতা আৰু অধিক শক্তিশালী হ’ব।

প্ৰধানে কয় যে মুম্বাইৰ ব্রিষ্টল আৰু ইয়র্ক বিশ্ববিদ্যালয় আৰু বেংগালুৰুত নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ে কেম্পাছ স্থাপন কৰিলে ভাৰতৰ দুটা আগশাৰীৰ জ্ঞান, প্ৰযুক্তি, আৰু উদ্ভাৱন কেন্দ্ৰক বিশ্ব শিক্ষাৰ সৈতে সংযোগ কৰা হ’ব৷ তেওঁ তিনিখন বিশ্ববিদ্যালয়ক ভাৰতলৈ আদৰণি জনাই বেংগালুৰুক বিশ্বৰ পূব অংশৰ নতুন ছিলিকন ভেলী বুলি অভিহিত কৰে।

ব্রিষ্টল বিশ্ববিদ্যালয়ে মুম্বাইত নিজৰ এণ্টাৰপ্ৰাইজ কেম্পাছ স্থাপন কৰিব, য’ত ইমাৰ্চিভ আৰ্টছ, বিত্ত, ডাটা বিজ্ঞান, অৰ্থনীতি, ব্যৱসায় ব্যৱস্থাপনা, উদ্যোগীকৰণ, আৰু উদ্ভাৱন আদি বিষয়ৰ পাঠ্যক্ৰম আগবঢ়োৱা হ’ব।

ইয়ৰ্ক বিশ্ববিদ্যালয়ে মুম্বাইত প্ৰথমটো বহিঃৰাজ্যত কেম্পাছ স্থাপন কৰিব, য’ত বিত্ত, কৃত্ৰিম বুদ্ধিমত্তা, কম্পিউটাৰ বিজ্ঞান, চাইবাৰ সুৰক্ষা, ব্যৱসায়, অৰ্থনীতি, সৃষ্টিশীল উদ্যোগ, আৰু পৰিচালনাৰ কাৰ্যসূচী আগবঢ়োৱা হ’ব।

নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ে ২০২৬ চনৰ আগষ্ট মাহত বেংগালুৰুৰ মান্যাটা বিজনেছ পাৰ্কত নিজৰ কেম্পাছ মুকলি কৰিব।ব্যৱসায়, কম্পিউটাৰ বিজ্ঞান, আৰু চাইবাৰ সুৰক্ষাৰ উপৰিও নবীকৰণযোগ্য শক্তি, স্বাস্থ্য, পৰিবহণ, আৰু শিক্ষাৰ দৰে ক্ষেত্ৰত সহযোগিতাক প্ৰসাৰিত কৰা হ’ব।

শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই কেম্পাছসমূহে ভাৰতত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ সুবিধা বৃদ্ধি কৰিব, গৱেষণা আৰু উদ্ভাৱনক লালন-পালন কৰিব, ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্বব্যাপী সুযোগ সম্প্ৰসাৰণ কৰিব। ইয়াৰ দ্বাৰা ভাৰত, যুক্তৰাজ্য, আৰু অষ্ট্ৰেলিয়াৰ মাজত শৈক্ষিক সহযোগিতাও শক্তিশালী হ’ব।

মন্ত্ৰালয়ে উল্লেখ কৰে যে এই তিনিখন বিশ্ববিদ্যালয়ৰ অনুমোদনৰ লগে লগে ইউজিচিৰ নিয়মাৱলীৰ অধীনত বিদেশী উচ্চ শিক্ষানুষ্ঠানসমূহলৈ প্ৰদান কৰা অনুমোদন পত্ৰৰ সংখ্যা পাঁচখনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে চাউথমপটন বিশ্ববিদ্যালয় আৰু লিভাৰপুল বিশ্ববিদ্যালয়কো অনুমোদন দিয়া হৈছিল। ২০২৫-২৬ চনৰ শৈক্ষিক অধিবেশনৰ পৰাই আৰম্ভ হৈছে চাউথমপটন বিশ্ববিদ্যালয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande