বৰপেটা জিলাৰ বৃহত্তৰ মন্দিয়া অঞ্চলত আলু খেতি কৰা কৃষকৰ মাজত হাহাকাৰ
বৰপেটা জিলাৰ বৃহত্তৰ মন্দিয়া অঞ্চলত আলু খেতি কৰা কৃষকৰ মাজত হাহাকাৰ।
বৰপেটা জিলাৰ বৃহত্তৰ মন্দিয়া অঞ্চলত আলু খেতি কৰা কৃষকৰ মাজত হাহাকাৰ


বৰপেটা, ০৯ জুন (হি.স.): নামনি অসমৰ আলু খেতিৰ বাবে বিখ্যাত বৰপেটাৰ মন্দিয়া-বাঘবৰ অঞ্চল । বৰপেটা জিলাৰ বৃহত্তৰ মন্দিয়া অঞ্চলত আলু খেতি কৰা কৃষকৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা আলু আজিও বিক্ৰী নোহোৱাকৈ ঘৰতেই গেলি-পচি গৈছে কুইন্টলে কুইন্টলে আলু । বজাৰত নাই উপযুক্ত দাম, আনকি ১ টকা কেজি দৰতো বিক্ৰী কৰাৰ বাবে বেপাৰী নোপোৱাৰ অভিযোগ তুলিছে কৃষকসকলে ।

ঋণ লৈ খেতি কৰা বহু কৃষক এতিয়া সৰ্বহাৰা হোৱাৰ পথত আগবাঢ়িছে । বৰপেটা জিলাৰ বৃহত্তৰ মন্দিয়া-বাঘবৰ অঞ্চলৰ কৃষকে এইবাৰ আলু খেতি কৰি হতাশা ভূগিছে । উৎপাদিত আলু বজাৰত উপযুক্ত দাম নোপোৱাত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলৰ । বন্ধন বেংকৰ ঋণ লৈ, ঘৰৰ গৰু-ছাগলী বিক্ৰী কৰি,আনকি নিজৰ গহনাও বিক্ৰী কৰি আলু খেতি কৰা বহু দুখীয়া কৃষক এতিয়া বৃহৎ লোকচানৰ সন্মুখীন হৈছে। ইফালে অতিমাত্ৰা বৰষুণৰ ফলত বহু কৃষকৰ আলু পথাৰতেই নষ্ট হৈ ৰৈ যায় । যিখিনি উৎপাদন ঘৰত আনিব পাৰিছে, তাৰো অধিকাংশ বিক্ৰী নোহোৱাকৈ গেলি-পচি গৈছে । কৃষকসকলৰ প্ৰতি বিঘা আলু খেতিত প্ৰায় ৩০ৰ পৰা ৩৫ হাজাৰ টকালৈ লোকচান হৈছে । বজাৰত নাই আলুৰ চাহিদা, বেপাৰী বিচাৰি পোৱা নাই খেতিয়কে । সেয়েহে উপায়ন্তৰ হৈ চৰকাৰৰ পৰা আৰ্থিক সাহায্য বিচাৰিছে ক্ষতিগ্ৰস্ত কৃষকসকলে । লগতে কৃষি বিভাগ আৰু যোগান বিভাগে তৎপৰতাৰে খেতিয়কৰ সমস্যা বুজি ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande