
–অতিশীঘ্ৰে বিদ্যুৎৰ সমস্যা সমাধান কৰাৰ দাবী ৰাইজৰ
কোকৰাঝাৰ, ০৯ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত পদ্মপুখুৰী, বাবুবিল আৰু পাৰ্শ্বৱতী অঞ্চলত পুনৰ বিদ্যুতৰ লুকাভাকু আৰম্ভ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । পিছত বিদ্যুৎ সেৱাৰ উন্নতি হ'ব বুলি আশা কৰা হৈছিল যদিও বাস্তৱত এতিয়াও ঘণ্টাৰ পাছত ঘণ্টা বিদ্যুৎ কৰ্তন চলি থকাৰ অভিযোগ উত্থাপন হৈছে ।
স্থানীয় বাসিন্দাসকলৰ অভিযোগ অনুসৰি, দিন-ৰাতি অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত সাধাৰণ জনজীৱন ব্যাহত হৈছে। ব্যৱসায়-বাণিজ্য, শিক্ষাৰ্থীৰ পঢ়া-শুনা তথা বিভিন্ন ক্ষুদ্ৰ উদ্যোগো ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ গৰম বতৰত দীৰ্ঘ সময় ধৰি বিদ্যুৎ নাথাকিলে বৃদ্ধ, শিশু আৰু অসুস্থ লোকসকল অধিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।
ইফালে, বিদ্যুৎ কৰ্তনৰ বিষয়ে জানিবলৈ বিভাগীয় কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰিলে বহু সময়ত সন্তোষজনক উত্তৰ লাভ নকৰে। এই বিষয়টোৱে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। তেওঁলোকে শীঘ্ৰে বিদ্যুতৰ সমস্যা সমাধানৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ