ডিমৰীয়ালৈ সুনাম কঢ়িয়াই আনিছে ডিগাৰু বটাকুছিৰ জয়শ্ৰী বড়োৱে
গুৱাহাটী, ০৯ জুন (হি.স.)। সোণাপুৰ তথা ডিমৰীয়াৰ বাবে সুখবৰ। ডিমৰীয়ালৈ সুনাম কঢ়িয়াই আনিছে ডিগাৰু বটাকুছিৰ জয়শ্ৰী বড়োৱে। সোণাপুৰৰ ডিগাৰু গেটস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী জয়শ্ৰী বড়োৱে শেহতীয়াকৈ অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় মুৱ
ডিমৰীয়ালৈ সুনাম কঢ়িয়াই আনিছে ডিগাৰু বটাকুছিৰ জয়শ্ৰী বড়োৱে।


ডিমৰীয়ালৈ সুনাম কঢ়িয়াই আনিছে ডিগাৰু বটাকুছিৰ জয়শ্ৰী বড়োৱে।


গুৱাহাটী, ০৯ জুন (হি.স.)। সোণাপুৰ তথা ডিমৰীয়াৰ বাবে সুখবৰ। ডিমৰীয়ালৈ সুনাম কঢ়িয়াই আনিছে ডিগাৰু বটাকুছিৰ জয়শ্ৰী বড়োৱে।

সোণাপুৰৰ ডিগাৰু গেটস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী জয়শ্ৰী বড়োৱে শেহতীয়াকৈ অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় মুৱায়থাই চেম্পিয়নশ্বিপৰ ৫০ কেজি শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

যাৰ পৰিপ্ৰেক্ষিতত ডিগাৰু বটাকুছিৰ নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে উল্লাসৰ বন্যা বোৱা পৰিলক্ষিত হয়। লগতে অঞ্চলটোৰ ৰাইজ,দল সংগঠনে জয়শ্ৰী বড়োৰ বাসগৃহত উপস্থিত হৈ এই কৃতিত্বৰ বাবে খেলুৱৈগৰাকীক উষ্ম আদৰণি জনায়।

উল্লেখ্য যে বটাকুছি নিবাসী সবিতা বড়ো আৰু প্ৰয়াত প্ৰবীন চন্দ্ৰ বড়োৰ সুযোগ্য সন্তান জয়শ্ৰী বড়োৱে উক্ত প্ৰতিযোগিতাৰ চুড়ান্ত খেলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ এগৰাকী প্ৰতিদ্বন্দ্বিক পৰাস্ত কৰি এই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

ইফালে প্ৰশিক্ষক প্ৰতাপ ৰাহাং আৰু কনক বড়োৰ তত্বাৱধানত প্ৰশিক্ষণ প্ৰাপ্ত জয়শ্ৰীয়ে চলিত বৰ্ষৰ ১৭ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব আগবঢ়াব।

জয়শ্ৰীৰ এই সফলতাত উৎফুল্লিত পৰিয়ালৰ লগতে অঞ্চলবাসী ৰাইজ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande