
ধুবুৰী, ০৯ জুন (হি.স.)। ধুবুৰী আৰক্ষীৰ বৃহৎ অভিযান। চোৰৰ বৃহৎ ঘাটি উৎখাত ধুবুৰী আৰক্ষীৰ। মটৰ চাইকেলসহ বৃহৎ পৰিমাণৰ সামগ্ৰীৰ লগতে আটক দুজন গভাইত চোৰ।
আটকাধীন চোৰ দুজন ক্ৰমে ধুবুৰীৰ বগুলামাৰিৰ ৰফিকুল ইছলামক আৰু ঝাগৰাৰপাৰ তৃতীয় খণ্ডৰ ছাজিদ ৰৌশন। ধুবুৰী চহৰৰ চাইটন তোলা অঞ্চলৰ পৰা এ এছ ১৭ ডি ২৮৯৪ হিৰো পালছাৰ এখন মটৰ চাইকেল চুৰি সন্ধান বিচাৰি ধুবুৰী আৰক্ষীয়ে বৃহৎ চোৰৰ ঘাটি উৎখাত কৰে।
গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ঝাগৰাৰপাৰ তৃতীয় খণ্ডৰ ছাজিদ ৰৌশনৰ ঘৰৰ পৰা চুৰি হোৱা মটৰ চাইকেল জব্দ কৰাৰ লগতে ছাজিদ ৰৌশনৰ আটক কৰে।
পিছত গভাইত চোৰ ছাজিদ ৰৌশনৰ ভাষ্যৰ ভিত্তিত ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চহৰ পৰিদৰ্শক বিষয়াৰ নেতৃত্ব আৰক্ষীৰ বৃহৎ দল এটাই বগুলামাৰি ৰফিকুল ইছলামৰ ঘৰত অভিযান চলায়।
অভিযান বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰে ৰফিকুল ইছলামক। ঘটনা সন্দৰ্ভত চোৰ দুজনক আটক কৰি ধুবুৰী সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু