
যোৰহাট, ০৯ জুন (হি.স.)। ২০২৬ বৰ্ষৰ দেৱ কুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল'শ্বিপ' ঘোষণা।
'দৈনিক জনমভূমি'ৰ গুৱাহাটী কাৰ্যালয়ৰ জ্যেষ্ঠ উপ-সম্পাদক কিশোৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে এই ফেল'শ্বিপ।
অসমৰ সংকটাপন্ন বানাই ভাষাৰ মৌখিক সাহিত্যৰ সংৰক্ষণৰ ওপৰত অধ্যয়ন কৰিব গোস্বামীয়ে।
'আজু'ৰ যোৰহাট জিলা সমিতিৰ সভাপতি যোগেশ ওজা, সাংবাদিক কল্যাণ নিধিৰ সম্পাদক নৱজ্যোতি বৰুৱাই প্ৰকাশ কৰিছে এই কথা।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু