
বাক্সা, ০৯ জুন (হি.স.)। বৰমাত নদীত মৃতদেহ উদ্ধাৰ। নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হৈছিল লোকজন। পিছত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। মৰা পাগলাদিয়া নদীৰ অবৈধ বালি খনন স্থানৰ সমীপৰ এটা স্থানত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। মৃত লোকজনক আলাগজাৰ গাঁৱৰ বাসিন্দা জ্যোতিষ বৈশ্য বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি দেওবাৰে বিয়লি জ্যোতিশ বৈশ্যই নদীত গা ধুবলৈ গৈছিল যদিও ঘৰলৈ উভতি নাহিল বুলি পৰিয়ালৰ লোকৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে। পিছত তেওঁৰ চেণ্ডেল আৰু কাপোৰ নদীৰ পাৰত উদ্ধাৰ হয়।
ইয়াৰ কিছু সময়ৰ পিছতে লোকজনৰ সন্ধানত নদীত অভিযান আৰম্ভ কৰা হয়। বৰমা থানাৰ এটা দলে এছডিআৰএফৰ জোৱানসহ সেই স্থানত উপস্থিত হৈ তেওঁক বিচাৰি উলিয়াবলৈ চেষ্টা আৰম্ভ কৰে।
মঙলবাৰে পুৱা তেওঁৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ