
নতুন দিল্লী, ০৯ জুন (হি.স.)। জনজাতি জনগোষ্ঠীৰ এজন মহান নেতা তথা ‘ধৰিত্ৰী আবা’ নামেৰে পৰিচিত ভগৱান বীৰছা মুণ্ডাৰ শ্বহীদ দিৱসত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি শীৰ্ষ নেতাসকলে তেখেতৰ সংগ্ৰাম, ত্যাগ, জনজাতীয় অধিকাৰৰ প্ৰতি অৱদানৰ কথা সোঁৱৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ইনষ্টাগ্ৰামত ভগৱান বীৰছা মুণ্ডাক সাহস, আত্মসন্মান, ন্যায়ৰ প্ৰতি অটল দায়বদ্ধতাৰ প্ৰতীক বুলি অভিহিত কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ কয় যে ঐতিহাসিক উলগুলানৰ জৰিয়তে বীৰছা মুণ্ডাই অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিৰোধৰ মনোভাৱ জাগ্ৰত কৰিছিল আৰু জনজাতীয় সম্প্ৰদায়ক নিজৰ অধিকাৰ, পৰিচয়, মৰ্যাদা ৰক্ষাৰ বাবে অনুপ্ৰাণিত কৰিছিল। তেওঁ লগতে উল্লেখ কৰে যে ঝাৰখণ্ডৰ ৰাজ্যপাল আৰু পিছলৈ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰথম দিনাই তেওঁৰ জন্মস্থান উলিহাতুত বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিছিল।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভগৱান বীৰছা মুণ্ডাক জন, বনাঞ্চল, ভূমি সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এজন মহান নেতা বুলি অভিহিত কৰি কয় যে জনজাতীয় সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয় আৰু অধিকাৰ ৰক্ষাৰ বাবে তেওঁৰ সংগ্ৰাম ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক গৌৰৱময় অধ্যায়।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে বীৰছা মুণ্ডাই উলগুলান আন্দোলনৰ জৰিয়তে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতাৰ আহ্বান জনাইছিল। তেওঁ জনজাতীয় সমাজক তেওঁলোকৰ অধিকাৰ আৰু ঐতিহ্য ৰক্ষাৰ বাবে সংগঠিত কৰি জল, বনাঞ্চল, ভূমি সংৰক্ষণক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিছিল।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁক শেষ নিশ্বাস পৰ্যন্ত স্বাধীনতাৰ বাবে যুঁজ দিয়া নেতা বুলি অভিহিত কৰি কয় যে বিদেশী শাসন, অন্যায়, শোষণৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আজিও দেশবাসীক অনুপ্ৰাণিত কৰি আছে।
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বীৰছা মুণ্ডাক স্বাধীনতা সংগ্ৰামৰ এক মহান নায়ক বুলি অভিহিত কৰি কয় যে তেওঁৰ জীৱন দেশৰ বাবে এক চিৰন্তন প্ৰেৰণাৰ উৎস।
কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু মনোহৰ লালেও তেওঁৰ ত্যাগ আৰু দেশপ্ৰেমক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কয় যে বীৰছা মুণ্ডাৰ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগ্ৰাম আৰু জনজাতীয় অধিকাৰৰ বাবে জনজাগৰণ অভিযান স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অধ্যায়।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয় যে বীৰছা মুণ্ডাই জল, বনাঞ্চল, মাটি, জনজাতীয় পৰিচয় ৰক্ষাৰ বাবে আৰম্ভ কৰা বিদ্ৰোহই দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে।
বিৰোধী দলৰ লোকসভাৰ নেতা ৰাহুল গান্ধীয়ে বীৰছা মুণ্ডাক জনজাতীয় পৰিচয় আৰু অধিকাৰৰ মহান নায়ক বুলি অভিহিত কৰি কয় যে তেওঁৰ সংগ্ৰাম আৰু মতাদৰ্শ ন্যায়, সমতা, বঞ্চিত সম্প্ৰদায়ৰ অধিকাৰৰ বাবে প্ৰেৰণাৰ উৎস।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জনজাতীয় অধিকাৰ ৰক্ষাৰ বাবে কৰা সংগ্ৰামৰ কথা স্মৰণ কৰে।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে জনজাতীয় পৰিচয় আৰু জল, বনাঞ্চল, মাটি ৰক্ষাৰ বাবে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তেওঁৰ নেতৃত্বত হোৱা ঐতিহাসিক বিদ্ৰোহ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক অমৰ অধ্যায়। তেওঁৰ অদম্য সাহস, সংগ্ৰাম, পৰম ত্যাগ কৃতজ্ঞ ৰাষ্ট্ৰই সদায় মনত ৰাখিব।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শ্ৰদ্ধাঞ্জলি জনাই কয় যে তেওঁ জল, বনাঞ্চল, ভূমি সুৰক্ষাৰ বাবে আৰু জাতিৰ স্বাধীনতাৰ বাবে সকলো ত্যাগ কৰিছিল। জনজাতি জনগোষ্ঠীৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষাৰ বাবেও তেওঁ অহৰহ সংগ্ৰাম কৰিছিল।
আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে মৃত্যু বাৰ্ষিকীত ‘ধৰিত্ৰী আবা’ ভগৱান বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জনাইছে। তেওঁ কয় যে পানী, বনাঞ্চল, ভূমি সুৰক্ষাৰ বাবে উৎসৰ্গিত তেওঁৰ জীৱন আৰু চিন্তা আজিও আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈয়েই আছে।
উল্লেখযোগ্য যে ভগৱান বীৰছা মুণ্ডাই (১৫ নৱেম্বৰ, ১৮৭৫ – ৯ জুন, ১৯০০) মাত্ৰ ২৫ বছৰ বয়সতে ৰাঁচী কাৰাগাৰত ব্ৰিটিছ বন্দীত্বত শেষ নিশ্বাস ত্যাগ কৰিছিল । তেওঁক ‘ধৰিত্ৰী আবা’ (পৃথিৱীৰ পিতৃ) বুলিও জনা যায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া